ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ কেন্দ্ৰীয় চুক্তিৰ ঘোষণা বিচিচিআইৰ

pc.mint

ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ কেন্দ্ৰীয় চুক্তিৰ ঘোষণা বিচিচিআইৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বহু জল্পনা-কল্পনাৰ অন্তত বিচিচিআইয়ে ঘোষণা কৰিছে ভাৰতীয় পুৰুষ ক্ৰিকেট দলৰ কেন্দ্ৰীয় চুক্তি।২০২৪-২৫ বৰ্ষৰ বাবে বিচিচিআইয়ে ঘোষণা কৰা কেন্দ্ৰীয় চুক্তিত ৩৪ গৰাকী খেলুৱৈক অন্তৰ্ভুক্ত কৰিছে। মুঠ ৪টা গ্ৰেডৰ এই চুক্তিত স্থান পাইছে কেইবাখনো নতুন মুখে, আনহাতে বাদ পৰিছে কেইবাজনো খেলুৱৈ।  এই কেন্দ্ৰীয় চুক্তিত টেষ্ট অধিনায়ক ৰোহিত শৰ্মা,ৰৱীন্দ্ৰ জাডেজা আৰু বিৰাট কোহলীয়ে টি-২০ ৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতো গ্ৰেড ‘এ+’ ত স্থান পাবলৈ সক্ষম হৈছে । ৰোহিত শৰ্মা,ৰৱীন্দ্ৰ জাডেজা আৰু বিৰাট কোহলীৰ উপৰি এই তালিকাত যশপ্ৰীত বুমৰাহে স্থান লাভ কৰিছে । উল্লেখ্য় যে শ্ৰেয়াস আয়াৰ আৰু ঈশান কিষাণে বিগত বৰ্ষত নিৰ্ধাৰিত মেচসমূহত অনুপস্থিত থকা বাবে তালিকাৰ পৰা বাদ পৰিছিল যদিও এইবাৰ কেন্দ্ৰীয় চুক্তিৰ তালিকাত স্থান লাভ কৰিছে ।  গ্রেড ‘এ’ত মহম্মদ ছিৰাজ, কে এল ৰাহুল, শুভমন গিল, হাৰ্ডিক পাণ্ডিয়া,মহম্মদ ছামি আৰু ঋষভ পন্টে স্থান লাভ কৰিছে। গ্ৰেড ‘বি’ত শ্ৰেয়াস আয়াৰ, সূৰ্যকুমাৰ যাদৱ, কুলদীপ যাদৱ, যশস্বী জয়ছোৱাল আৰু আক্ষৰ পেটেলে স্থান লাভ কৰিছে।আৰু গ্ৰেড ‘চি’ত ৰিংকু সিং, তিলক বৰ্মা, ঈশান কিষাণ, অর্শদ্বীপ সিং, প্ৰসিদ্ধ কৃষ্ণা, সঞ্জু ছেমছন, মুকেশ কুমাৰ, শিৱম ডুবে, ঋুতুৰাজ গায়কৱাড় , ধ্ৰুৱ জুৰেল, ছাৰফৰাজ খান, ৰজত পাটিদাৰ, নীতীশ কুমাৰ ৰেড্ডী, অভিষেক শৰ্মা, আকাশ দ্বীপ, বৰুণ চক্রৱৰ্তী, হৰ্ষিত ৰাণা, ৰৱি বিষ্ণই আৰু ৱাশ্বিংটন সুন্দৰে সঅথান কৰিছে । ভাৰতীয় পুৰুষ ক্ৰিকেটাৰসকলৰ এই কেন্দ্ৰীয় চুক্তি ২০২৪ চনৰ ১ অক্টোবৰৰ পৰা চলিত বৰ্ষৰ ৩০ ছেপ্টেম্বৰলৈকে কাৰ্যকৰী হ’ব। প্ৰতিজন খেলুৱৈক তেওঁৰ গ্ৰেড অনুযায়ী বিচিচিআইয়ে বাৰ্ষিক পাৰিশ্ৰমিক প্ৰদান কৰিব। চুক্তিৰ শীৰ্ষস্থানৰ এ+ গ্ৰেডত স্থান লাভ কৰা খেলুৱৈক সৰ্বাধিক ৭ কোটি টকা দিয়া হয়। আনহাতে এ গ্ৰেডৰ খেলুৱৈসকলে ৫ কোটি টকা লাভ কৰিব। আনহাতে বি গ্ৰেডৰ খেলুৱৈয়ে লাভ কৰিব ৩ কোটি টকা। ইয়াৰ বিপৰীতে চি গ্ৰেডত অন্তৰ্ভুক্ত খেলুৱৈসকলে বাৰ্ষিক ১ কোটি টকাকৈ লাভ কৰিব।