ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সংবাদ মেল

ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ সংবাদ মেল

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ বৈশিষ্টস্থিত ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ ৰাজ্যিক মুখ্য কাৰ্য্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত  এখন সংবাদমেল অনুষ্ঠিত হৈ যায়৷ উক্ত সংবাদমেলত বিজেপি অসম প্ৰদেশৰ মুখ্য মুখপাত্ৰ ৰঞ্জিৱ শৰ্মা, ৰাজ্যিক বিজেপিৰ যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱা তথা ৰাজ্যিক সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰল আদিকে প্ৰমুখ্যে দলৰ অন্যান্য কৰ্মকৰ্তা উপস্থিত থাকে। মূলত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ পৰা প্ৰকাশ কৰা মাহেকীয়া আলোচনী অসমীয়া বিজেপি বাৰ্তা মে’ মাহৰ সংখ্যা উন্মোচন কাৰ্যসূচী অনুষ্ঠিত হয় । বিজেপি যুৱ মৰ্চাৰ সভাপতি সিদ্ধাঙ্কু অংকুৰ বৰুৱাই বিজেপি বাৰ্তাখন উন্মোচন কৰি দিয়া ভাষণত কয যে বিজেপি দল হ’ল এটা কেদাৰ বেচিছ দল । কোনো ব্যক্তি বিশেষৰ কথাত নচলে সকলো দলৰ আলোচনা ও সিদ্ধান্ত মৰ্মে চলা দল হয় । সেই বাবে আজি বিশ্বৰ সৰ্বাধিক ডাঙৰ ৰাজনৈতিক দল হিচাপে পৰিগণিত হৈছে বিজেপি। এই বিজেপি যেতিয়াৰ পৰা ভাৰতবৰ্ষৰ শাসনলৈ আহিলে তেতিয়াই আমাৰ দেশ বহু দূৰলৈ আগবাঢ়ি গল। আজি ভাৰত বিশ্ব গুৰুৰ আসন লবলৈ আগবঢ়িছে। সেয়ে আমি সকলোৱে বিজেপিৰ পক্ষত থাকি কাম কৰিব লাগে সেয়া জনসাধাৰণৰ প্ৰতি আমাৰ আহ্বান থাকিল।