ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যপালক স্মাৰকপত্ৰ প্ৰদান
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা পাৰ্টীৰ অনুসূচিত জাতি মৰ্চাই উজানবজাৰৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্য্যালয়ৰ পৰা এখন বেনাৰ আৰু হাতে হাতে দলীয় পতাকা লৈ এক সমদল কৰি মহামান্য ৰাজ্যপালক এখন স্মাৰক পত্ৰ দিবলৈ বিচৰাত কাৰ্তব্যৰত আৰক্ষীয়ে প্ৰথম চেক পোষ্টত তেওঁলোকক বাধা প্ৰদান কৰে৷ ৰাজ্যপাল তাৰ পাছতে ৰাজ্যপালৰ সাক্ষাতৰ অনুমতি থকা ৮ জন লোকক ভিতৰত প্ৰৱেশ কৰিবলৈ দিয়ে। এই সমদলত আছিল ক্ৰমে গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, জনজাতি মৰ্চাৰ সভানেত্ৰী মুন স্বৰ্ণকাৰ, ৰাজ্যিক সম্পাদিকা কল্পনা দাস, উপ সভাপতি কুশল জ্যোতি মালাকৰ, ফিচাৰি ভাইছ কমিছনাৰ নবাৰুন মেধি, উপ সভাপতি সীমান্ত দাস, সাধাৰণ সম্পাদক ভৃগু দাস, উপ সভানেত্ৰী পৰমি দাস,উপ সভাপতি প্ৰকাশ দাস সহ প্ৰায় ১০০ জন মান সদস্যই অংশগ্ৰহণ কৰে। আৰু ৰাজ ভৱনত স্মাৰক পত্ৰ দিয়াৰ বাবে প্ৰৱেশ কৰিছিল ক্ৰমে বিজুলী কলিতা মেধি, মুন স্বৰ্ণকাৰ,কল্পনা দাস, পৰমী দাস, নাবাৰুন মেধি,সীমান্ত দাস, ভৃগু দাস আৰু প্ৰকাশ দাস। উল্লেখ থাকে যে অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতি, জনগোষ্ঠী সন্দৰ্ভত কংগ্ৰেছৰ ৰাহুল গান্ধীয়ে বহু উদ্ভত আৰু কটু মন্তব্য কৰিছিল। যাৰ বাবে অনুসূচিত জাতি মৰ্চাই দিছপুৰ থানাৰ এটা গোচৰ ৰুজু কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাজ্যপালক এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷