ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল পৰিসমাপ্তি

ভাৰতীয় জনতা পাৰ্টি, মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক সভাৰ সফল পৰিসমাপ্তি 

ৰঙিলী বাৰ্ত্তাসেৱা– দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হোৱা বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় কার্যনির্বাহক সভাখনি ১০ ছেপ্টেম্বৰত সফলতাৰে সম্পন্ন হৈ যায়। দেওবাৰে পুৱা ১০ বজাত অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহালে ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ প্ৰদৰ্শনী উন্মোচন কৰে। পুৱা১০.৩০ মিনিটত আৰম্ভ হোৱা সভাত ৰাষ্ট্ৰীয় মহিলা মৰ্চাৰ ৰাজনৈতিক প্রস্তাব গ্রহণ কৰা হয়। ভাৰতীয় জনতা পাৰ্টিৰ বিগত ৯ বছৰীয়া শাসন কালত মহিলা সকল শক্তিশালী হৈছে। কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ পদবীতো মহিলা সকলে অগ্ৰাধিকাৰ লাভ কৰিছে। ৰাজনৈতিক প্ৰস্তাৱত মহিলা সকলক শক্তিশালী কৰাৰ লগতে মহিলা নেতৃত্বৰ বিকাশ, আর্থিক বিকাশ, সামাজিক ন্যায় প্রদান কৰাৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। দ্বিতীয় দিনাৰ কাৰ্যসূচীৰ সন্দৰ্ভত এক সংবাদ মেলযোগে সাংবাদিক সকলক অৱগত কৰে মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদিকা দিপ্তী ৰাৱাটে। সংবাদ মেলত দিপ্তী ৰাৱাটে মহিলা মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাত আগন্তুক কার্যক্রম সন্দৰ্ভত গ্ৰহণ কৰা কাৰ্যসূচীৰ বিষয়ে অৱগত কৰে। আনহাতে বিজেপিৰ ৰাষ্ট্ৰীয় সহ সাংগঠনিক সাধাৰণ সম্পাদক শিৱ প্ৰকাশে মহিলা মৰ্চাৰ কাৰ্যকৰ্তা সকলৰ সৈতে সাংগঠনিক দিশত আলোচনা কৰে। উল্লেখ্য যে উক্ত কার্যনির্বাহক সভাত মহিলা মৰ্চাৰ ৭০ গৰাকী ৰাষ্ট্ৰীয় বিষয়ববীয়াই অংশগ্রহণ কৰে। ৰাষ্ট্ৰীয় কার্যনিবাহক সভাৰ সামৰণি ভাষণত ৱানথী শ্রীনিবাসনে কয়, মহিলা মৰ্চাই কেৱল দলৰ কাৰ্যক্ৰমেই নহয়, বৰঞ্চ সকলো চৰকাৰী কাৰ্যসূচী গুৰুত্ব সহকাৰে সমাজৰ শেষৰজন ব্যক্তিলৈকে লৈ যোৱাৰ বাবে কার্যপদ্ধতি গ্রহণ কৰি আহিছে আৰু কৰি যাব। যিদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ মহিলা সকলে সুৰক্ষিত অনুভৱ ংংকৰিছে একেদৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতো অসমত মহিলা সকলে বিকশিত আৰু সুৰক্ষিত হোৱাৰ পৰিৱেশ লাভ কৰিছে। ভাষণ প্ৰসংগত তেওঁ ৰাহুল গান্ধীক ধন্যবাদ জনাই কয়, ৰাহুল গান্ধীৰ এক ব্যৱহাৰৰ কাৰণেই সমগ্ৰ অসম লগতে ভাৰতবৰ্ষৰ উন্নয়নৰ বাবে দেশে সিংহৰ দৰে এগৰাকী নেতা লাভ কৰিছে আৰু সেইগৰাকী নেতাই হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উপস্থিত থাকি কয় যে অসম মা কামাখ্যাৰ পৱিত্ৰ ভূমি। ইয়াত মাৰ পৰাই সকলো আৰম্ভ হয়। মহিলা মৰ্চাৰ কাৰ্যকৰ্তা সকলে আত্মসহায়ক গোট সকলৰ সহায়ক হোৱাকৈ কাম কৰিব লাগে। মহিলা সকলৰ উদ্যোগীকৰণ তথা স্বাৱলম্বীতাৰ কাৰণে আগন্তুক দিনত ৪০ লাখ মহিলাক বেংক একাউণ্টৰ জৰিয়তে ১০ হাজাৰকৈ প্ৰদান কৰা হ’ব বুলিও তেওঁ উল্লেখ কৰে। আজি মহিলা মৰ্চাৰ দিনটোৰ কাৰ্যক্ৰমত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া, অসম চৰকাৰৰ মন্ত্ৰী নন্দিাত গালোৰ্চাৰ লগতে মহিলা মৰ্চাৰ ৰাজ্যিক বিষয়ববীয়া, গুৱাহাটী জিলাৰ বিষয়ববীয়া আৰু দলীয় কার্যকর্তা সকল উপস্থিত আছিল।