ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশ মহিলা মৰ্চাৰ উদ্যোগত বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাৰ নেতৃত্বত চাৰি দিনীয়া কাৰ্যসূচীৰে ৩০ মাৰ্চৰ পৰা ২ এপ্ৰিল লৈ লতাশিল খেলপথাৰত বয়ন প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰা হৈছে। নৱপ্ৰজন্মক বয়ন শিল্পৰ লগত একাত্ম কৰাৰ উদ্দেশ্যৰে এই প্ৰচেষ্টা গ্ৰহণ কৰিছে মহিলা মৰ্চাই । প্ৰথমবাৰৰ বাবে লতাশিলত অনুষ্ঠিত হব এই বয়ন প্ৰশিক্ষণ কৰ্মশালা য’ত ২০ খন তাঁতশাল আৰু ২৫ গৰাকী শিপিনী থাকিব। এই প্ৰশিক্ষণত গামোচা কেনেকৈ বয় শিপিনী সকলে তাঁতশালত কেনেকৈ কাম কৰে সেই বিষয়ত আভাস দিয়া হব।এই প্ৰশিক্ষণৰ সময়চোৱাত ৪ দিনত ২০০ খন গামোচা তৈয়াৰ কৰি উলিওৱাৰ চিন্তা চৰ্চা কৰা হৈছে।৩০ মাৰ্চৰ পুৱা ৮:৩০ বজাত এই কৰ্মশালাৰ উদ্বোধন কৰিব পদ্মশ্ৰী সন্মানেৰে সন্মানিত হেমপ্ৰভা চুতীয়াৰ লগতে উপস্থিত থাকিব ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা।অসম চৰকাৰে অসমৰ শিপিনী সকলৰ বাবে বহুত চিন্তা কৰিছে। স্ব নিৰ্ভৰ মহিলা আঁচনিৰ জৰিয়তে শিপিনী সকলে সকাহ পাইছে বুলি সংবাদমেলত উল্লেখ কৰে ৰাজ্যিক সভানেত্ৰী আঙুৰলতা ডেকাই। এই কৰ্মশালাত গুৱাহাটীৰ আশে পাশে থকা বিদ্যালয় – মহাবিদ্যালয়ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব ।গামোচা বিতৰ্ক সন্দৰ্ভত কৰা এক প্ৰশ্নৰ উত্তৰত গামোচা খনক লৈ আমাৰ সকলোৰে চিন্তা এক হোৱা উচিত বুলি উল্লেখ কৰে আঙুৰলতা ডেকাই। বজাৰত পাৱাৰলুমৰ গামোচা সন্দৰ্ভত আঙুৰলতা ডেকাই কয় যে এনে ধৰণৰ কাম এদিনতে বন্ধ কৰিব পৰা নাযায়, প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে, সেই প্ৰচেষ্টাত আমি সকলোৱে আগ ভাগ লোৱা উচিত।