ভাৰতীয় জনতা পাৰ্টিৰ ভাতৃ সংগঠন বুলি ভুৱা প্ৰচাৰ
ৰঙিলী বাৰ্ত্তাসেৱা– ৰাষ্ট্ৰবাদী মুছলিম পাচ মাণ্ডা মহাজ আৰু ভাৰতীয় পাচ মাণ্ডা মঞ্চ নামৰ দুটা সংগঠনে যোৱা কেইবাদিনো ধৰি ভাৰতীয় জনতা পাৰ্টিৰ ভাতৃ সংগঠন বুলি ভুৱা পৰিচয় দি বিভিন্ন অনৈতিক আৰু অসামাজিক কাম-কাজত লিপ্ত হোৱা পৰিলক্ষিত হৈছে। সংগঠন দুয়োটাৰ সভাপতি ক্ৰমে সাহা আলম আৰু কামৰুজ জামানৰ এনে অপকৰ্মৰ ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টি কোনোধৰণে জড়িত নহয়। এইক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টিয়ে দুয়োটা সংগঠনৰ লগত কোনো সম্পৰ্ক নাই বুলি ষ্পষ্টীকৰণ দিয়াৰ লগতে কলিয়াবৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অনিল শইকীয়াই নগাঁও জিলাৰ আৰক্ষী থানাত এখন এজাহাৰোঁ দাখিল কৰে।