ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত দেশজুৰি “সামাজিক ন্যায় সপ্তাহ” আয়োজন কৰা হ’ব

ভাৰতীয় জনতা পাৰ্টিৰ উদ্যোগত দেশজুৰি “সামাজিক ন্যায় সপ্তাহ” আয়োজন কৰা হ’ব

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে অহা ৫ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈকে সমগ্ৰ দেশৰ লগতে অসমতো বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। দলৰ মুখ্য কাৰ্যালয়ৰ পৰা সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত প্ৰকাশ পাই। যে অহা ৫ এপ্ৰিলৰ পৰা ১৪ এপ্ৰিললৈকে “সামাজিক ন্যায় সপ্তাহ” ৰ লগত সংগতি ৰাখি দলৰ কার্যকৰ্তা সকলে বিভিন্ন কাৰ্যসূচী সমূহ পালন কৰিব। অহা ৫ এপ্ৰিলত প্ৰতিটো বুথত পুৱা ১১ বজাৰ পূৰ্বে বুথ সমিতিৰ উদ্যোগত বৃক্ষৰোপণ আৰু স্বচ্ছতা অভিযান আৰম্ভ কৰা হ’ব। ৬ এপ্ৰিলৰ পুৱা ৭.০০ বজাত দলৰ প্ৰতিষ্ঠা দিবস উপলক্ষে সকলো স্তৰৰ নিৰ্বাচিত জনপ্রতিনিধি, বুথ সভাপতি, আৰু উপৰোক্ত সকলো কাৰ্যকৰ্তাৰ ঘৰত দলীয় পতাকা উত্তোলন কৰিব একেদৰে পৰৱৰ্তী দিনসমূহতো ৰাজ্যিক বিজেপিৰ মৰ্চা সমূহৰ উদ্যোগত চিকিৎসা শিবিৰ, ৰোজগাৰ শিবিৰ স্বচ্ছতা অভিযান, সমূহীয়া সহভোজ, বিল-জলাশয় পৰিস্কাৰ আদি কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে দলৰ সকলো স্তৰৰ নেতা-কার্যকৰ্তাই কমেও এটা পদুম ফুলৰ ছবিযুক্ত দেৱাল লিখনি কৰিব। ৭ এপ্ৰিলত যুৱ মৰ্চাৰ উদ্যোগত চিকিৎসা শিবিৰ, ৰোজগাৰ পৰামৰ্শ শিৱিৰ, স্বচ্ছতা অভিযান আৰু সহাভোজ আয়োজন কৰিব। ৮ এপ্রিলত সংখ্যালঘু মৰ্চাৰ উদ্যোগত কেন্দ্র আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন জনকল্যাণকামী আঁচনি প্ৰচাৰৰ বাবে জনজাগৰণ অভিযান কৰিব। একেদৰে এচ.টি. মৰ্চাৰ উদ্যোগত জনজাতীয় যুবক-যুৱতীক আত্মনিৰ্ভৰ কৰাৰ বাবে আত্মনিৰ্ভৰ ভাৰত জিলা কেন্দ্ৰত সম্মিলন আয়োজন কৰিব। উক্ত দিনাই দক্ষতা বিকাশ কোষৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ত চিকিৎসা শিবিৰ আয়োজন কৰিব। ৯ এপ্ৰিলত কিষান মৰ্চাৰ উদ্যোগত মণ্ডল স্তৰত নৈপৰীয়া গাওঁত পদযাত্ৰা কৰি জৈবিক কৃষি সম্পৰ্কত জনজাগৰণ অভিযান কৰিব। নগৰ অঞ্চলতো শ্রীঅন্ন (মিলেট শষ্য) ব্যৱহাৰৰ বাবে পথসঞ্চলন কৰি জনজাগৰণ অভিযান কৰিব। ১০ এপ্ৰিলত মহিলা মৰ্চাৰ উদ্যোগত অনুসূচিত জাতিৰ মহিলাসকলৰ লগত সহভোজ কৰিব। ১১ এপ্ৰিলত অবিচি মৰ্চাই মহাত্মা জ্যোতিৰাওঁ ফুলেদেৱৰ জয়ন্তী কাৰ্যসূচী গ্ৰহণ কৰিব। ১২ এপ্ৰিলত যুৱ মৰ্চাই ৰাজ্যৰ বিভিন্ন প্রান্তত চিকিৎসা শিবিব, ৰোজগাৰ পৰামৰ্শ শিৱিৰ, স্বচ্ছতা অভিযান আৰু সহভোজ আয়োজন কৰিব। ১৩ এপ্ৰিলত সংখ্যালঘু মৰ্চাই বিল, জলাশয় পৰিস্কাৰ কৰা আৰু বৃক্ষ ৰোপন কাৰ্যসূচী পালন কৰিব। ১৪ এপ্ৰিলত এচ.চি. মৰ্চাই ভাৰতৰত্ন বাবা সাহেব ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰাৰ লগতে তেখেতৰ স্মৃতিত বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিব।