ভাৰতীয় জনতা পাৰ্টিয়ে বুথ পৰ্যায়লৈকে মাহজোৰা কাৰ্যসূচী পালন কৰিব

ভাৰতীয় জনতা পাৰ্টিয়ে বুথ পৰ্যায়লৈকে মাহজোৰা কাৰ্যসূচী পালন কৰিব

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাষ্ট্ৰপতি দৌপদী মূর্ষুই ২০২৩ চনৰ ৩১ জানুৱাৰীত সংসদৰ মজিয়াত প্ৰদান কৰা অভিভাষণক মূল বিষয় হিচাপে লৈ ভাৰতীয় জনতা পাৰ্টিয়ে ২০ ফেব্ৰুৱাৰীৰ পৰা ২০ মাৰ্চলৈকে এমাহজোৰা বিশেষ কাৰ্যক্ৰমৰ আয়োজন কৰিব। বুথ পৰ্যায়লৈকে আয়োজন হ’বলগীয়া এই কাৰ্যক্ৰমৰ জৰিয়তে ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা ভাষণৰ মূল বিষয়ৰাজিক জনসাধাৰণৰ মাজলৈ নিবৰ বাবে প্ৰয়াস কৰা হ’ব। উল্লেখ্য যে দেশৰ যশস্বী প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ মজিয়াত ৰাষ্টপতিয়ে প্ৰদান কৰা অভিভাষণক ধন্যবাদ জনাই কৈছিল “ ৰাষ্ট্ৰপতিয়ে দুয়োখন সদনত জনোৱা দূৰদৰ্শী সম্বোধনে দেশক সঠিক দিশ দর্শন দিছে, ভাৰতবৰ্ষৰ শোষিত-নিস্প্রেষিত শ্ৰেণীৰ জনসাধাৰণ যে প্ৰকৃতাৰ্থত উপকৃত হৈছে, দেশৰ প্ৰতিটো জাতি-জনগোষ্ঠী, প্রতি গৰাকী দৰিদ্ৰ পুৰুষ-মহিলা তথা সমাজৰ অন্তিমজন ব্যক্তিয়ে চৰকাৰী আঁচনিৰ সা-সুবিধা লাভ কৰাৰ লগতে ভাৰতবৰ্ষ যে সঠিক দিশত আগুৱাইছে সেই কথা প্রতিফলিত হৈছে। আমাৰ চৰকাৰে দেশৰ মধ্যবিত্ত শ্ৰেণীৰ আশা-আকংক্ষা পূৰণ কৰিবলৈ সক্ষম হৈছে। আজি সমগ্ৰ বিশ্বই ভাৰতবৰ্ষৰ নেতৃত্বক ইতিবাচক তথা আশাব্যঞ্জক দিশেৰে প্ৰত্যক্ষ কৰে৷ ৰাষ্ট্ৰপতিয়ে তেওঁৰ ভাষণৰ জৰিয়তে এই সকলোবোৰ দিশ সাঙুৰি এক সুন্দৰ সংকলন দাঙি ধৰিছে।”ভাৰতীয় জনতা পাৰ্টি, অসম প্রদেশৰ সভাপতি ভৱেশ কলিতাই ৰাজ্যিক পৰ্যায়ত উক্ত কাৰ্যক্ৰম সুচাৰুৰূপে তদাৰক কৰাৰ উদ্দেশ্য দলৰ জ্যেষ্ঠ নেত্ৰাত্ৰয় ঋতুবৰণ শৰ্মা, নৱ কুমাৰ বৈশ্য আৰু লক্ষ্য কোঁৱৰ অন্তৰ্ভুক্ত কৰি তিনি জনীয়া সমিতি গঠন কৰি দিছে।