ভাৰতীয় চিকিৎসক সন্থাৰ ডিব্ৰুগড় শাখাৰ নতুন ভৱন উদ্বোধনঃচিকিৎসক-সাংবাদিকক সম্বৰ্ধনা- এম হাছিম আলী, ডিব্ৰুগড়

 

ডিব্ৰুগড়, ২৯ জুলাই, ষ্টাফ ৰিপ’ৰ্টাৰ
ডিব্ৰুগড় চহৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত আৰু গ্ৰেহেমবজাৰস্থিত জন বেৰী হোৱাইট মেডিকেল স্কুলৰ সন্মুখত ভাৰতীয় চিকিৎসক সন্থা [ইণ্ডিয়ান মেডিকেল এছ’চিছেন] চমুকৈ ‘আইএমএ’ৰ ডিব্ৰুগড় শাখাৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটি ২৭ জুলাইত মুকলি কৰে ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰই৷ উদ্বোধনী ভাষণত ডাঃ পাত্ৰই ‘আইএমএ’ৰ সকলো সদস্যক শুভেচ্ছা জ্ঞাপন কৰি অনাগত দিনত সমাজৰ হকে কাম কৰি যাবৰ বাবে আহ্বান জনায়৷ উল্লেখ্য যে ১৯৪৮ চনতে প্ৰতিষ্ঠা লাভ কৰা সংগঠনটোৰ ডিব্ৰুগড় শাখাৰ পূৰ্বতে কোনো কাৰ্যালয় নাছিল ৷ অৱশ্যে পূৰ্বৰ পৰাই প্ৰচেষ্টা চলি আহিছিল যদিও ২০২৩ চনত কাৰ্যভাৰ গ্ৰহণ কৰা আৰু বিশিষ্ট অস্থিৰোগ বিশেষজ্ঞ ডাঃ জি.এছ. বৰগোহাঁই আৰু মেডিচিন বিশেষজ্ঞ তথা লেখক ডাঃ মৃগাংক বৰুৱা নেতৃত্বাধীন তিনি শতাধিক সদস্যৰে সমৃদ্ধ সমিতিখনৰ আপ্ৰাণ প্ৰচেষ্টাত উল্লিখিত স্থানত তিনি কঠা মাটি চলিত বৰ্ষত চৰকাৰৰ পৰা আৱন্টন লাভ কৰে৷ তাৰ পিছতেই যুদ্ধকালীন গতিৰে কাম আৰম্ভ কৰি ১৫ লক্ষাধিক টকা ব্যয়ৰে ভৱনটোৰ নিৰ্মাণ সম্পুৰ্ণ কৰি ২৭ জুলাইত উদ্বোধন কৰা হয়৷ এই উপলক্ষে ডাঃ জি.এছ. বৰগোহাঁইৰ পৌৰোহিত্যত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত সংগঠনটোৰ পৃষ্ঠপোষক তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে বিশিষ্ট অতিথি হিচাপে অংশ গ্ৰহণ কৰি কয় যে ‘আইএমএ’ সকলো চিকিৎসকৰে গঠিত এক উমৈহতীয়া মাতৃ অনুষ্ঠান৷ চিকিৎসা বিভাগৰ সকলো শাখাৰ চিকিৎসক বন্ধুৱে যদিহে ‘আইএমএ’ক সহযোগিতা আগবঢ়ায় তেন্তে সংগঠনটো অধিক জাতিস্কাৰ হৈ উঠিব৷ তদুপৰি মাতৃৰ যি দায়িত্ব সেই দায়িত্ব সংগঠনটোৰ সকলো সদস্যই পালন কৰাৰ লগতে সমাজৰ বাবে চিকিৎসক সকলে কিদৰে সৰ্বোচ্চ উজাৰিব পাৰি সেই দিশৰ কথাও চিন্তা কৰা উচিত৷ ডিব্ৰুগড়ত ইতিমধ্যে অনুষ্ঠিত হৈ যোৱা বাতবিষ বিভাগৰ অধিৱেশনত হোৱা ৰাহি ধন ‘আইএমএ’ ডিব্ৰুগড় শাখাৰ পুঁজিলৈ আগবঢ়াব বুলিও অধ্যক্ষ ডাঃ কাকতিয়ে ভাষণত সদৰি কৰে৷ উল্লেখযোগ্য যে ডিব্ৰুগড়ত জুলাইৰ প্ৰথম পষেকটোত হোৱা ভয়ানক কৃত্ৰিম বানপানীৰ হেতুকে যোৱা এক জুলাইত চিকিৎসক দিৱসৰ আয়োজন কৰিব নোৱাৰাৰ বিপৰীতে সেইদিনা এই অনুষ্ঠানৰ স’তে সংগতি ৰাখি তিনি গৰাকী চিকিৎসক ক্ৰমে অসম চিকিৎসা মহাবিদ্যালয়ৰ পেথ’লজি বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ ধ্ৰুৱজ্যোতি বৰুৱা (মৰণোত্তৰভাৱে), চাৰ্জাৰী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডাঃ যতীন্দ্ৰনাথ ভাগৱতী আৰু লাহোৱাল, বকপৰা আৰু ঠাকুৰথান অঞ্চলত মেডিকেল সেৱা আগবঢ়াই অহা প্ৰেক্টিছনাৰ ডাঃ গোবিন কুমাৰ দেউৰীক সংগঠনটোৱে ফুলাম গামোছা, ফুলৰ তোৰা আৰু প্ৰশংসাপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে৷ আনহাতে প্ৰথমবাৰৰ বাবে চিকিৎসা ক্ষেত্ৰৰ বাহিৰৰ এগৰাকী ব্যক্তি হিচাপে এইবাৰ ডিব্ৰুগড়ৰ ‘আমাৰ অসম’ৰ জ্যেষ্ঠ সাংবাদিক, লেখক ৰতন হাজৰিকাক সংবাদ আৰু সামাজিক ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে সংগঠনটোৱে সম্বৰ্ধনা জ্ঞাপন কৰে৷ সম্বৰ্ধিত সকলৰ হৈ ডাঃ গোবিন কুমাৰ দেউৰী আৰু ৰতন হাজৰিকাই নিজৰ অনুভৱ ব্যক্ত কৰে৷ কেউগৰাকী ব্যক্তিক সম্বৰ্ধনা জ্ঞাপন কৰে উপস্থিত অতিথি ক্ৰমে বিশিষ্ট চিকিৎসক ডাঃ ৰমা মেধি, ডাঃ ৰীণা আহমেদ, মেয়ৰ ডাঃ সৈকত পাত্ৰ, ডাঃ সঞ্জীৱ কাকতি, এএমচিএইছৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙিয়াই৷ অনুষ্ঠানত সংগঠনটোৰ সম্পাদক ডাঃ মৃগাংক বৰুৱাই নতুন ভৱনটো নিৰ্মাণৰ লগতে সংগঠনটোৰ কাম-কাজ সম্পৰ্কত চমুকৈ আলোকপাত কৰে৷ ইয়াৰ পিছতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হয়৷ অনুষ্ঠানত চহৰখনৰ বিশিষ্ট চিকিৎসক সকলৰ লগতে সংগঠনটোৰ শতাধিক চিকিৎসক উপস্থিত থাকে৷ ইয়াৰ পূৰ্বে সংগঠনটোৰ পতাকা উত্তোলনৰ লগতে এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ মুকলি কৰে সভাপতি ডাঃ জি.এছ. বৰগোহাঁয়ে৷