ভাৰতীয় গণ পৰিষদৰ কাৰ্যনিৰ্বাহক সভা , বিষ্ণু নিৰ্মলা ভৱন

p.c. facebook

গুৱাহাটী,২৯ জুলাইঃ গুৱাহাটীৰ উজান বজাৰস্থিত বিষ্ণু নিৰ্মলা ভৱনত আজি
ভাৰতীয় গণ পৰিষদৰ এখন কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ভাৰপ্ৰাপ্ত সভাপতি শান্তনু মুখাৰ্জী, কাৰ্য্যকৰী সভাপতি সহদেৱ দাস, সাধাৰণ সম্পাদক বীৰেন বসাক, সদস্য ক্ৰমে ৰতন ৰয়, ৰাজীৱ বিশ্বাস, নিকুঞ্জ দাস, মতিলাল ৰয়, সুৰেন দাস, অঞ্জন চৰকাৰ, উদয় দাস, পঞ্জজ দাস সহ কেবাজনো বিষয় ববীয়াৰ উপস্থিতিত এখন কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ভাৰতীয় গণ পৰিষদে যোৱা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে বৰ্তমান শাসনাধিষ্ট এই চৰকাৰখনে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু লোকৰ ওপৰত অধিক আগ্ৰাসী হৈ পৰিছে। ধৰ্মীয় সংখ্যালঘু লোক সকলক ব্যাপক উচ্ছেদৰ পৰিকল্পনা কৰিছে। “কা”আইনৰ নামত প্ৰবঞ্চনাৰ জাল মেলিছে। হিন্দু বাঙালী ভোটাৰ সকলক ডি ভোটাৰ সজাই জাননী পঠাই হাৰাশাষ্টি কৰিছে। নগাঁও জিলাত প্ৰায় ৪ হাজাৰৰো অধিক লোকক, বৰাক ভেলিৰ ৰাতাবাৰীৰ শতাধিক লোকক, বি টি চি অঞ্চলৰ হিন্দু বাঙালীক বিদেশী সজাই দৈনিক হাৰাশাষ্টি কৰি আহিছে। এন আৰ চিত আবেদন কৰি প্ৰমাণিত হোৱাৰ পিছতো হিন্দু বাঙালী সকলে পৰিত্ৰাণ পোৱা নাই বুলি তেওঁলোকে মত ব্যক্ত কৰে। আজিৰ সভাত বিশেষকৈ বিজেপি চৰকাৰে কাৰ্বি আং লং জিলাৰ হিন্দু বাঙালী লোক সকলক যোৱা ১১ জুলাইত স্বায়ত্ব শাসিত পৰিষদ, ডিফু video – memo. KAAC/ Rev- 2045/2024/776-A. যোগে ডংকামকামৰ দংকা ৰাজহ চক্ৰৰ অধীনত চৰকাৰী মাটি আৰু চৰণীয়া পথাৰ বুলি জাননী খন সকলো বিশিষ্ট স্থানত আৰি দিয়ে। আৰু এই সংক্ৰান্ততে আজি সভাত বিশদভাৱে আলোচনা কৰে।