ভাৰতীয়সকলে ঋণ লৈছে গাড়ী, ঘৰ ক্ৰয়ৰ বাবে কিন্তু অধ্যয়নৰ বাবে নহয়

pc The New Indian Express

অনলাইন বাৰ্ত্তাসেৱা – ভাৰতত কোভিড-১৯-ৰ সময়ত ঘৰ আৰু বাহন ক্ৰয় কৰিবৰ বাবে বেংকৰ পৰা ঋণ লোৱা অব্যাহত আছে কিন্তু  শিক্ষাৰ পুঁজিৰ বাবে ঋণৰ পৰিমাণ হ্ৰাস পায়। এই তথ্য প্ৰকাশ কৰা হৈছে মাৰ্চ ২০২০ আৰু মে’ ২০২১-ৰ ভিতৰত ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ দ্বাৰা। এজন বেংকাৰৰ পৰা পোৱা তথ্য অনুসৰি “বিদেশী বিশ্ববিদ্যালয় বাছনি কৰা শিক্ষাৰ্থীসকলে ঋণ বিচাৰে। কিন্তু ই যোৱা বছৰ স্থবিৰ হৈ পৰিছিল। বিশ্ববিদ্যালয়সমূহ পুনৰ খোলাৰ বাবে এই বছৰ কিছু পৰিমাণে বৃদ্ধি পাইছে”।

(UD.)