ভাৰতলৈ ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্ডিনাণ্ড ৰমুৱাল্ডেজ মার্কাজ
ৰঙিলী বাৰ্ত্তাসেৱা- চৰকাৰী কাৰ্যসূচীৰে ভাৰতলৈ অহা ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফার্ডিনান্ড ৰমুৱাল্ডেজ মার্কজক নতুন দিল্লীৰ পালাম বিমানবন্দৰত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্রী পৱিত্ৰ মাৰ্ঘেৰিটাই আনুষ্ঠানিকভাৱে আদৰণি জনায়। উল্লেখ্য যে চলিত বৰ্ষতে ভাৰত-ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ সম্পূৰ্ণ হৈছে আৰু এই ঐতিহাসিক সময়তে ফিলিপাইনছৰ ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণে দুয়োখন ৰাষ্ট্ৰৰ দ্বিপাক্ষিক সম্পর্ক অধিক সুদৃঢ় কৰি তুলিব।