ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন
ৰঙিলী বাৰ্ত্তাসেৱা- আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত শুল্ক জাপি দিয়াৰ মাজতেই ভাৰত ভ্ৰমণ কৰিব পাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। ৰাছিয়াৰ নিৰাপত্তা পৰিষদৰ মুৰব্বী ছাৰ্গেই শ্বোইগুৰ সৈতে হোৱা বৈঠকত এই কথা প্ৰকাশ কৰে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা (NSA) অজিত ডোভালে। বৰ্তমান ডোভাল ৰাছিয়াত আছে। এই সময়চোৱাত তেওঁ ৰাছিয়া আৰু ভাৰতৰ কৌশলগত সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ চেষ্টা কৰিব।ইয়াৰ পূৰ্বে ৪ বছৰ আগত পুটিন ভাৰতলৈ আহিছিল। ২০২১ চনত দিল্লীত অনুষ্ঠিত হোৱা ইণ্ডিয়া-ৰাছিয়াৰ ২১তম বাৰ্ষিক শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিছিল তেওঁ। সেই সময়চোৱাত ভাৰত-ৰাছিয়াৰ মাজত কেইবাটাও চুক্তি স্বাক্ষৰ হৈছিল। ইয়াৰোপৰি ২০২২ চনত ইউক্ৰেইনৰ লগত আৰম্ভ হোৱা ৰাছিয়াৰ যুদ্ধৰ পাছত এয়া প্ৰথমবাৰৰ বাবে তেওঁ ভাৰতলৈ আহিব। অৱশ্যে এতিয়ালৈকে তাৰিখ নিৰ্ধাৰণ হোৱা নাই। মস্কোত ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ বক্তব্যৰ উদ্ধৃতি দি বৃহস্পতিবাৰে ইন্টাৰফেক্স সংবাদ সংস্থাই এই তথ্য প্ৰদান কৰে। ডোভালে কয় যে, ভাৰত ভ্ৰমণ কৰিব ৰাষ্ট্ৰপতি পুটিনে। ইয়াক লৈ আমি সুখী। এই ভ্ৰমণৰ পৰা আমি বহু ইতিবাচক ফল আশা কৰিছো। আমাৰ সম্পৰ্ক দীৰ্ঘদিনীয়া আৰু ইয়াক আমি মূল্য দিও। উল্লেখ্য যে, আমেৰিকাই ভাৰতৰ ওপৰত জাপি দিয়া শুল্ক বোজাৰ মাজতে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণৰ খবৰে বিশেষ গুৰুত্ব বহন কৰিছ। কিছুদিন পূৰ্বে আমেৰিকাই ভাৰতৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছিল। তাৰ কিছুদিন পাছত, ৬ আগষ্টত পুনৰ অতিৰিক্ত ২৫ শতাংশ শুল্ক আৰোপ কৰে। ইয়াৰ কাৰণ ৰাছিয়াৰ পৰা ভাৰতে তেল আমদানি কৰা বুলি কৈছে।