ভাৰতত ৯,৫৩১ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

Pc Times of India

ভাৰতত ৯,৫৩১ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৯,৫৩১ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৩৬ জন লোকৰ মৃত্যু হৈছে । আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৭,৩৮৬ জনলৈ বৃদ্ধি হৈছে। । শেহতীয়া তথ্য অনুসৰি ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ৯৭,৬৪৮ জন।ভাৰতত যোৱা ২৪ ঘণ্টাত ১১,৭২৬ গৰাকলোক আৰোগ্য লাভ কৰাৰ বিপৰীতে মুঠ আৰোগ্য হোৱা লোকৰ সংখ্যা ৪,৩৭,২৩,৯৪৪ জনলৈ বৃদ্ধি পাইছে।