ভাৰতত ২,১৩৯ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ২,১৩৯ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ১৩ জন লোকৰ মৃত্যু হৈছে ।কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৮,৮৩৫ জনলৈ বৃদ্ধি হৈছে।ভাৰতত সক্ৰিয় ৰোগীৰ সংখ্যা ২৬,২৯২ জনলৈ হ্ৰাস পাইছে।আনহাতে দৈনিক পজিটিভিটিৰ হাৰ ০.৮১%।