ভাৰতত ১৭,০৭০ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

pc northeast now

ভাৰতত ১৭,০৭০ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৭,০৭০ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ২৩ জন লোকৰ মৃত্যু হৈছে । আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৫,১৩৯ জনলৈ বৃদ্ধি হৈছে। ভাৰতত বৰ্তমান সক্ৰিয় ঘটনা ১,০৭,১৮৯ লৈ বৃদ্ধি ।