ভাৰতত ১৩,৩১৩ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

Pc The Indian Express

ভাৰতত ১৩,৩১৩ জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ১৩,৩১৩ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত ১০,৯৭২ জন লোক কৰ’নাত সংক্ৰমণৰ পৰা সুস্থ হৈ উঠিছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৩৮ জন লোকৰ মৃত্যু হৈছে ।মৃত্যু হোৱা লোক সকলৰ ভিতৰত কেৰালাৰ ২০ জনলোক। আনহাতে কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৪,৯৪১ জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান ৮৩,৯৯০ টা সক্ৰিয় ঘটনা আছে।