ভাৰতত যোৱা ২৪ ঘণ্টাত ৩.৫ লাখ লোক কৰ’নাত আক্ৰান্ত

p.c- Scientific Amercian

ভাৰতত যোৱা ২৪ ঘণ্টাত ৩.৫ লাখ লোক কৰ’নাত আক্ৰান্ত

ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত  ৩,৪৭,২৫৪জন লোক নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে। যোৱা ২৪ ঘণ্টাত ৭০৩ জন লোকৰ নতুনকৈ কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হৈছে।যাৰ ফলত ভাৰতত কৰ’না সংক্ৰমণৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৮৮,৩৯৬ জনলৈ বৃদ্ধি হৈছে। আনহাতে দেশত বৰ্তমান ২০ লাখতকৈও অধিক সক্ৰিয় ঘটনা আছে।