ভাৰতত নিষিদ্ধ হ’ল পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এক্স একাউণ্টত
ৰঙিলী বাৰ্ত্তাসেৱা- পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ মঙলবাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ এক্স একাউণ্টত বন্ধ কৰি দিয়ে কেন্দ্ৰীয় চৰকাৰে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণ সন্দৰ্ভত উৰাবাতৰি প্ৰচাৰ কৰাৰ বাবে মঙলবাৰে ভাৰত চৰকাৰে পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এক্স একাউণ্ট ব্লক কৰে। সোমবাৰে খোৱাজা আছিফে এক সাক্ষাৎকাৰত ভাৰতৰ সামৰিক আগ্ৰাসন সন্দৰ্ভত কৰা বিতৰ্কিত মন্তব্যৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ টিভিৰ এক সাক্ষাৎকাৰত খোৱাজা আছিফে দাবী কৰিছিল যে পাকিস্তানৰ সেনাই ভাৰতীয় আক্ৰমণৰ সম্ভাৱনাৰ বিষয়ে চৰকাৰক অৱগত কৰিছিল। ইয়াৰ পূৰ্বে সোমবাৰে ভাৰতে জম্মু-কাশ্মীৰত সংঘটিত হোৱা পহলগামকাণ্ডৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে ডিজিটেলীও আক্ৰমণ আৰম্ভ কৰিছে । সেনা আৰু নিৰাপত্তা সংস্থাসমূহৰ বিৰুদ্ধে উচটনিমূলক আৰু সাম্প্ৰদায়িকভাৱে স্পৰ্শকাতৰ বিষয়বস্তু আৰু ভুল তথ্য প্ৰচাৰ কৰাৰ বাবে ১৬টা পাকিস্তানী ইউটিউব চেনেলক নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰে ভাৰতে । সামূহিকভাৱে এই চেনেলসমূহৰ ৬৩ মিলিয়নতকৈ অধিক ফ’ল’ৱাৰ আছে । যোৱা সপ্তাহত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ এটা ভিডিঅ’ ক্লিপ ভাইৰেল হৈছিল । সেই ভিডিঅ’ ক্লিপটোত তেওঁ এটা ডাঙৰ স্বীকাৰোক্তি দিয়ে । তেওঁ কয় যে পাকিস্তানে সন্ত্ৰাসবাদী সংগঠনসমূহক ধন আৰু সমৰ্থন আগবঢ়াইছে । সেই ভাইৰেল ভিডিঅ’ ক্লিপটো অনুসৰি পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে স্কাই নিউজৰ ইয়াল্ডা হাকিমৰ সৈতে এক সাক্ষাত্কাৰত বহে । তেতিয়া তেওঁক প্ৰশ্ন কৰা হয়, “আপুনি স্বীকাৰ কৰে নে ছাৰ, যে পাকিস্তানে এই সন্ত্ৰাসবাদী সংগঠনসমূহক সমৰ্থন, প্ৰশিক্ষণ আৰু পুঁজিৰ দীৰ্ঘ ইতিহাস আছে ? খোৱাজা আছিফে উত্তৰত কয়, “আমি প্ৰায় তিনিটা দশক ধৰি আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি পশ্চিমীয়া দেশসমূহৰ বাবে এই কাম কৰি আহিছো… সেয়া এটা ভুল আছিল আৰু তাৰ বাবে আমি ক্ষতিগ্ৰস্ত হৈছিলো আৰু সেইবাবেই আপুনি মোক এই কথা কৈছে । যদি আমি ছোভিয়েট ইউনিয়নৰ বিৰুদ্ধে আৰু পিছলৈ ৯/১১ৰ পিছৰ যুদ্ধত যোগদান নকৰিলোহেঁতেন, তেন্তে পাকিস্তানৰ ট্ৰেক ৰেকৰ্ড নিৰ্দোষ আছিল ।”আছিফৰ বক্তব্যই এই কথাটো উদঙাই দিছে যে পাকিস্তানে বহু বছৰ ধৰি এই সন্ত্ৰাসবাদী সংগঠনসমূহক আশ্ৰয় দি আহিছে ।