ভাৰতত নতুনকৈ ৩,৪৫১ জন লোক কৰ’নাত আক্ৰান্ত

PC-WHO

ভাৰতত নতুনকৈ ৩,৪৫১ জন লোক কৰ’নাত আক্ৰান্ত  

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,৪৫১ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৪০ জন লোকৰ মৃত্যু হৈছে । কৰ’নাত আক্ৰান্ত হৈ ভাৰতত  মৃত্যু হোৱা  মুঠ লোকৰ সংখ্যা ৫,২৪,০৬৪  জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান  ২০,৬৩৫ টা সক্ৰিয় ঘটনা আছে।আনহাতে কৰ’না সংক্ৰমণৰ পৰা যোৱা ২৪ ঘণ্টাত ৩,০৭৯ তকৈ অধিক লোক সুস্থ হৈ উঠিছে।