ভাৰতত নতুনকৈ ৩,১৫৭ জন লোক কৰ’নাত আক্ৰান্ত
ৰঙিলী বাৰ্ত্তাসেৱা- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা অনুসৰি ভাৰতত যোৱা ২৪ ঘণ্টাত ৩,১৫৭ জনলোক কৰ’নাত নতুনকৈ আক্ৰান্ত হৈছে। আৰু যোৱা ২৪ ঘণ্টাত কৰ’নাত আক্ৰান্ত হৈ ৪০ জন লোকৰ মৃত্যু হৈছে । কৰ’নাত আক্ৰান্ত হৈ ভাৰতত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা ৫,২৩,৮৬৯ জনলৈ বৃদ্ধি হৈছে।ভাৰতত বৰ্তমান ১৯,৫০০ টা সক্ৰিয় ঘটনা আছে।আনহাতে কৰ’না সংক্ৰমণৰ পৰা যোৱা ২৪ ঘণ্টাত ২,৭২৩ জনলোক সুস্থ হৈ উঠিছে।