ভাৰতত আক্ৰমণ চলাবলৈ ১০ হাজাৰ আত্মঘাতী বোমাৰু সাজু কৰি ৰখা বুলি ভাবুকি মাছুদ আজহাৰৰ
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতৰ অপাৰেচন সিন্দূৰৰ মিছাইলৰ আঘাতত জইছ-ই-মহম্মদৰ মূল ঘাটি তচনচ হ’লেও সেও মনা নাই ম’ষ্ট ব্রান্টেড সন্ত্রাসবাদী মাছুদ আজহাৰে। নিষিদ্ধ সন্ত্রাসবাদী সংগঠন জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰে পাকিস্তানৰ বাহাৱালপুৰ মছজিদত ৰেকর্ডিং কৰা অডিঅ’ ক্লিপ এটাত ভাৰতক আক্ৰমণ কৰিবলৈ আত্মঘাতী বোমাৰু সাজু কৰি ৰখা হৈছে বুলি ভাবুকি দিছে। ভাৰতীয় সেনাৰ আক্ৰমণত মাছুদ আজহাৰৰ ভাতৃ-ভগ্নীসহ ১০ সদস্যক হেৰুৱালেও ভাৰতৰ বিৰুদ্ধে জেহাদ এৰি দিয়া নাই সন্ত্রাসবাদীটোৱে। অডিঅ’ বার্তাত প্রকাশ কৰা মতে, জইছ-ই-মহম্মদৰ এতিয়াও ৩০ হাজাৰ সদস্য আছে। ইয়াৰে ভিতৰত ১০ হাজাৰ আত্মঘাতী বোমাৰু আছে। আত্মঘাতী বোমাৰুৱে মাছুদ আজহাৰৰ নিৰ্দেশ পালেই ভাৰতত সন্ত্রাসবাদী আক্রমণ চলাব। এই আত্মঘাতী বোমাৰু জেহাদৰ বাবে ব্যৱহাৰ কৰা হ’ব। উল্লেখ্য যে ২৬/১১ মুম্বাই সন্ত্রাসবাদী আক্রমণ, ২০০১ সংসদ ভবন আক্রমণ, ২০১৬ পাঠানকোট আক্রমণ, ২০১৯ পুলৱামা আত্মঘাতী আক্ৰমণৰ লগতে ভাৰতত কেইবাটাও ভয়াৱহ আক্ৰমণৰ লগত জড়িত জইছ-ই-মহম্মদ। সংগঠনটোৰ মুৰব্বী মাছুদ আজহাৰে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আইএছআইৰ নিৰাপত্তাত দেশখনত নির্বিঘ্নে বসবাস কৰি আছে যদিও ইছলামাবাদে এই কথা অস্বীকাৰ কৰি আহিছে। ভাৰতে দীর্ঘদিন ধৰি মাছুদ আজহাৰক গ্ৰেপ্তাৰ কৰি পাকিস্তানক প্রত্যর্পণৰ বাবে দাবী জনাই আহিছে। পেহেলগাম আক্রমণতো পৰোক্ষভাৱে জইছ-ই-মহম্মদ জড়িত আছিল।