ভাৰতত অমিক্ৰণত সংক্ৰমিতৰ সংখ্যা ৫৭৮ লৈ বৃদ্ধি

Pc india.com

ভাৰতত অমিক্ৰণত সংক্ৰমিতৰ সংখ্যা ৫৭৮ লৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা-  ভাৰতত অমিক্ৰণ কোভিড-১৯ৰ প্ৰকাৰত যোৱা ২৪ ঘণ্টাত ১৫৬জন লোক নতুনকৈ সংক্ৰমিত হৈছে যাৰ ফলত ভাৰতত অমিক্ৰণত আক্ৰান্তৰ সংখ্যা ৫৭৮ জন লৈ বৃদ্ধি পায়।প্ৰকাৰটো এতিয়া ১৯ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ বিয়পি পৰিছে। দিল্লীত এতিয়ালৈকে ১৪২ টা অমিক্ৰণত সংক্ৰমিত হৈছে, যি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত সৰ্বাধিক, আৰু মহাৰাষ্ট্ৰত ১৪১ জন লোক সংক্ৰমিত হৈছে।