ভাষিক সম্প্ৰসাৰণবাদক প্ৰশ্ৰয় নিদিবলৈ কানাড়া বেংক কৰ্তৃপক্ষক আহ্বান অসম জাতীয় পৰিষদৰ

নথিপত্ৰত অসমীয়া ভাষাৰ সলনি হিন্দী-বাংলাৰ ব্যৱহাৰ : ভাষিক সম্প্ৰসাৰণবাদক প্ৰশ্ৰয় নিদিবলৈ কানাড়া বেংক কৰ্তৃপক্ষক আহ্বান অসম জাতীয় পৰিষদৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসমত ব্যৱসায় চলোৱা একাংশ ৰাষ্ট্ৰীয়কৃত বেংকে তেওঁলোকৰ প্ৰপত্ৰ আৰু তথ্যপাতিত অসমীয়াৰ সলনি বাংলা ভাষা ব্যৱহাৰ কৰাক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে। দলটোৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে আজি গুৱাহাটীৰ ছয়মাইলত থকা কানাড়া বেংকৰ আঞ্চলিক কাৰ্যালয়ত উপস্থিত হৈ বেংকৰ গ্ৰাহক সম্পৰ্কীয় নথি পত্ৰত অসমীয়া ভাষাহে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে কানাড়া বেংকে ইয়াৰ গ্ৰাহক সম্পৰ্কিত প্ৰপত্ৰ আৰু অন্য নথিত অসমীয়া ভাষা ব্যৱহাৰ নকৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। বেংকটোৰ শাখাসমূহত চলি থকা কাৰ্যালয় স্মাৰক (Office Memorandum), প্ৰপত্ৰ আৰু অন্য নথিসমূহত অসমীয়া ভাষাৰ ব্যৱহাৰ কৰাই হোৱা নাই। তাৰ সলনি ইংৰাজী, হিন্দী আৰু বাংলা ভাষাত উক্ত নথিসমূহ উপলব্ধ ৰাখিছে বেংকটোৱে। ৰাষ্ট্ৰীয়কৃত ৰাজহুৱা খণ্ডৰ বেংকটোৱে এনেদৰে অসমৰ মাটিত অসমীয়া ভাষাক উপেক্ষা কৰাত অসন্তুষ্ট অসম জাতীয় পৰিষদৰ কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি গিৰিন তালুকদাৰৰ নেতৃত্বত দলটোৰ এটা প্ৰতিনিধি গোটে কানাড়া বেংকৰ আঞ্চলিক কাৰ্যালয়ত উপস্থিত হৈ কৰ্তৃপক্ষৰ আগত অসন্তুষ্টি ব্যক্ত কৰি উক্ত ভুল সংশোধন কৰি অসম আৰু অসমীয়া মানুহৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিবলৈ আহ্বান জনায়। প্ৰতিনিধি গোটটোত দলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক অমিতাভ বৰঠাকুৰ, যুটীয়া সম্পাদক সঞ্জীৱ বৰা আদি নেতাসকল উপস্থিত থাকে। তেওঁলোকে বেংকৰ বিষয়ববীয়াসকলক কয় যে অসম ৰাজ্যভাষা আইন অনুসৰি অসমৰ সকলো চৰকাৰী কাৰ্যালয়ত অসমীয়া ভাষাৰ ব্যৱহাৰ বাধ্যতামূলক। উক্ত নিয়ম কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়ৰ ক্ষেত্ৰত এশ শতাংশ প্ৰযোজ্য নহ’লেও যিহেতু বেংকটোৱে অসমতে ব্যৱসায় কৰি আছে আৰু অসমৰ মানুহৰ ধনৰ পৰাই বেংকৰ বিষয়া-কৰ্মচাৰীৰ দৰমহা দিয়া হয়, এনে পটভূমিত অসমৰ মানুহৰ প্ৰতি বেংক কৰ্তৃপক্ষৰ এটা দায়বদ্ধতা থকা উচিত। জাতীয় পৰিষদৰ প্ৰতিনিধি গোটটোৰ মতে, বেংক কৰ্তৃপক্ষই নথিপত্ৰত অসমীয়া ভাষা ব্যৱহাৰ নকৰি তাৰ ঠাইত ইংৰাজীৰ লগতে হিন্দী আৰু বাংলা ভাষা ব্যৱহাৰ কৰাটো ভাষিক সম্প্ৰসাৰণবাদৰ এটা উদাহৰণ। বেংক কৰ্তৃপক্ষৰ এনে মানসিকতাই অসমীয়া মানুহক মনোকষ্ট দিয়ে। গতিকে ভৱিষ্যতে এনে আচৰণৰ পুনৰাবৃত্তি নকৰিবলৈ জাতীয় পৰিষদৰ প্ৰতিনিধি গোটটোৱে বেংক কৰ্তৃপক্ষক আহ্বান জনায়।