ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ উদ্যোগত ৰবীন্দ্ৰজয়ন্তী উপলক্ষে ৰবীন্দ্ৰসংগীত আৰু ৰবীন্দ্ৰনৃত্যৰ আয়োজন কৰা হৈছে ১৯খন চহৰত

ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ উদ্যোগত ৰবীন্দ্ৰজয়ন্তী উপলক্ষে ৰবীন্দ্ৰসংগীত আৰু ৰবীন্দ্ৰনৃত্যৰ আয়োজন কৰা হৈছে ১৯খন চহৰত

ৰঙিলী বাৰ্ত্তাসেৱা-  অহা ২১, ২২, ২৩ জুন, ২০২৪ তাৰিখে গুৱাহাটীৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ প্রেক্ষাগৃহত কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ ১৬৩ সংখ্যক জন্মবার্ষিকী উপলক্ষে ৰবীন্দ্রসংগীত আৰু ৰবীন্দ্ৰনৃত্যৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানৰ আয়োজন কৰিছে ৰাজ্য চৰকাৰৰ ভাষিক সংখ্যালঘু উন্নয়ন ব’র্ডে। এই উপলক্ষে ৰাজ্যখনৰ উনৈশখন চহৰৰ কোনো শিক্ষা প্রতিষ্ঠান বা সাংস্কৃতিক কেন্দ্রত ৰবীন্দ্ৰনৃত্য (একক) আৰু ৰবীন্দ্র সংগীত (একক) প্রতিযোগিতাৰ আয়োজন কৰা হৈছে। উল্লেখ্য যে, ভাৰতৰ লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত Code of Conduct বলবৎ থকাত নির্দিষ্ট সময়ত ৰবীন্দ্রজয়ন্তী উদ্যাপনৰ আয়োজন কৰাটো সম্ভৱ হোৱা নাছিল।  উনৈশখন চহৰৰ ভিতৰত আছে শিলচৰ, কৰিমগঞ্জ, হাইলাকান্দি, হাফলং, লামডিং, হোজাই, নগাঁও, ডিব্রুগড়, তিনিচুকীয়া, মরিয়নী, তেজপুর, গুৱাহাটী, বঙ্গাইগাঁও, কোকৰাঝাৰ, বিজনী, ধুবুৰী, টংলা, ঢেকিয়াজুলি আৰু বৰপেটাৰোড। অসমৰ এইবোৰ চহৰত অহা ০১-ৰ পৰা ১০ জুন, ২০২৪ তাৰিখে প্রতিযোগিতাসমূহ অনুষ্ঠিত হ’ব। এই চহৰবিলাকত যিসকল প্রতিযোগীয়ে প্রথম শাখাত প্রথম স্থান, দ্বিতীয় শাখাত প্রথম আৰু দ্বিতীয় স্থান আৰু লগতে তৃতীয় শাখাত প্রথম, দ্বিতীয় আৰু তৃতীয় স্থান দখল কৰিব সেইসকল প্রতিযোগীয়ে অহা ২১ আৰু ২২ জুন তাৰিখে গুৱাহাটীৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ প্রেক্ষাগৃহত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত প্রতিযোগিতাত অংশগ্রহণ কৰাৰ সুযোগ পাব। ৰবীন্দ্ৰনৃত্য আৰু ৰবীন্দ্রসংগীত প্রতিযোগিতা অনুষ্ঠিত হ’ব তিনিটা বিভাগত। এই প্রতিযোগিতাত ৮-ৰ পৰা ৩৫ বছৰলৈকে বয়সৰ প্ৰতিযোগীসকলে অংশগ্রহণ কৰিব পাৰিব। প্রথম শাখাত ৮-ৰ পৰা ১২ বছৰ, দ্বিতীয় শাখাত ১৩-ৰ পৰা ১৭ আৰু তৃতীয় শাখাত ১৮-ৰ পৰা ৩৫ বছৰ বয়সৰ প্ৰতিযোগীসকলে অংশগ্রহণ কৰিব পাৰিব। কেন্দ্রীয় পর্যায়ত নির্বাচিত হোৱাৰ পাছত নির্বাচিত প্রতিযোগীসকলে ৰাজ্যিক পর্যায়ত প্রতিযোগিতাত যোগ দিব। ৰাজ্যিক পর্যায়ত আটাইবিলাক কেটেগৰিৰ মুঠ ২২৮ জন প্রতিযোগীয়ে অংশগ্রহণ কৰিব।  গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত এই কথা জানিবলৈ দিয়ে অসম ভাষিক সংখ্যালঘু উন্নয়ন ব’ৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেবে। তেওঁৰ লগত আছিল কেন্দ্রীয় উদ্যাপন কমিটীর সদস্য সুশান্ত বিশ্বাস, ড° সৌমেন ভাৰতীয়া, মীতা সেন আদি।শিলাদিত্য দেৱে কয়, ৰাজ্যখনৰ বিভিন্ন জিলাৰ পৰা বিজয়ী হোৱা যিসকল প্রতিযোগীয়ে গুৱাহাটীৰ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ প্রেক্ষাগৃহত চূড়ান্ত প্রতিযোগিতাত যোগ দিব তেওঁলোকৰ অহা-যোৱাৰ খৰচ আৰু গুৱাহাটীত থকা-খোৱাৰ সকলো দায়িত্ব অসম চৰকাৰৰ অসম ভাষিক সংখ্যালঘু উন্নয়ন ব’র্ডে বহন কৰিব। গুৱাহাটীৰ চূড়ান্ত প্রতিযোগিতাত বিজয়ী প্রতিযোগীসকলক এখনকৈ প্রমাণপত্র আৰু নগদ আর্থিক পুৰস্কার প্রদান কৰা হ’ব।