ভাষা শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ ভাতৃক জাতীয় পৰিষদৰ সম্বৰ্ধনা

Pc Twitter

ভাষা শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ ভাতৃক জাতীয় পৰিষদৰ সম্বৰ্ধনা

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ প্ৰদীপ বৰগোহাঁই, জাতীয় যুৱশক্তিৰ পৰীক্ষিত বৰুৱা, জাতীয় মহিলা শক্তিৰ নন্দেশ্বৰী বৰগোঁহাই আৰু জিলা সমিতিৰ বিষয়ববীয়াৰ এটি দলে শ্বহীদ ৰঞ্জিত বৰপূজাৰীৰ শিৱসাগৰৰ নিজা বাসগৃহত উপস্থিত হৈ শ্বহীদ গৰাকীৰ ভাতৃ অধিবক্তা অজিত বৰপূজাৰীক সম্বৰ্ধনা জনায়৷ পৰিয়ালবগই আজিৰ এইদিনটি অজাপই ভাষা দিৱস হিচাপে উদযাপন কৰাত গভীৰ সুখ প্ৰকাশ কৰে আৰু অজাপক অসমীয়া ভাষা ৰক্ষাৰ ক্ষেত্ৰত প্ৰণালীবদ্ধভাৱে কাম-কাজ কৰি যাবলৈ অনুৰোধ জনায়৷