ভাষা গৌৰৱ সপ্তাহ অসমীয়া ভাষাটোক জীয়াই ৰাখিব পাৰিবনে ?
দেবর্ষি গৌতম, বনগাঁও
অসমীয়া ভাষাই ইতিমধ্যে ধ্ৰুপদী মৰ্যদা লাভ কৰিছে। এই মৰ্যদা লাভ কৰাৰ লগে লগে অসমীয়া ভাষাটোৰ মান আৰু অধিক উৰ্দ্ধগামী হৈ পৰিল। অসমীয়া ভাষাটো অসমীয়া জাতিৰ মেৰুদণ্ড। যিদৰে মেৰুদণ্ড অবিহনে যিকোনো এটা প্ৰাণী জীয়াই থাকিব নোৱাৰে ঠিক একেদৰে এটা ভাষা অবিহনে যিকোনো জাতি এটাৰ অস্তিত্ব নোহোৱা হৈ পৰে। বৰ্তমান সময়ত ধ্ৰুপদী মৰ্যদা লাভ কৰা অসমীয়া ভাষাটোৱে কিন্তু আজি এক গভীৰ সংকটৰ মাজেৰে দিন অতিবাহিত কৰা বুলি সৰ্বস্তৰৰ লোকৰ মাজত চর্চা অব্যাহত আছে। এনে এক সন্ধিক্ষণত ৰাজ্য চৰকাৰে সম্পূৰ্ণ এটা ভাষা গৌৰৱ সপ্তাহ হিচাপে পালন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্ত অনুসৰি বিভিন্ন চৰকাৰী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। চৰকাৰৰ এই সিদ্ধান্তত সন্মান আৰু সঁহাৰি জনায় প্ৰায় সকলো অসমীয়া লোকে ভাষা গৌৰৱ সপ্তাহ পালন কৰিবলৈ নিজৰ নিজৰ স্তৰত চেষ্টা কৰিছে। এইখিনিতে এটা মন কৰিবলগীয়া কথা হল যে ভাষা গৌৰৱ সপ্তাহ চৰকাৰীভাৱে পালন কৰিবলৈ যি নিৰ্দেশনা জাৰী কৰা হৈছে সেই নিৰ্দেশনাত কিন্তু অসমীয়া ভাষাৰ লিপি ব্যৱহাৰ কৰাৰ পৰিবৰ্তে ইংৰাজী ভাষাৰ লিপি ব্যৱহাৰ কৰা হৈছে। আচলতে এটা চৰকাৰী নিৰ্দেশনাত ইংৰাজী ভাষাৰ লিপি ব্যৱহাৰ কৰাক লৈ কোনো বিতৰ্কৰ সূত্ৰপাত কৰাৰ অৱকাশ হয়তো নাই। কিন্তু যদি আমি সামগ্ৰিকভাৱে সকলো দিশ পৰ্যবেক্ষণ কৰোঁ তেনেহলে দেখিবলৈ পাম যে অসমীয়া ভাষাটোক জীয়াই ৰখাৰ বাবে যি প্ৰয়াস সেয়া কিন্তু কেৱল মৌখিকভাবেহে কৰি থকা হৈছে। অসমীয়া ভাষাটোক জীয়াই ৰখাৰ বাবে চলোৱা প্ৰচেষ্টাৰ কোনো এটা অংশ আমি কাৰ্যক্ষেত্ৰত ব্যৱহাৰ হোৱা দেখিবলৈ পোৱা নাই। আমি যদি কেৱল মৌখিভাৱে ভাষাটোক জীয়াই ৰখাৰ বাবে প্ৰচেষ্টা চলাই যাওঁ তেনেহলে ভাষাটোক জীয়াই ৰখাটো কিমানদূৰ সম্ভৱ হৈ উঠিব সেয়া আজি এক বৃহৎ উদ্বেগৰ বিষয়। কেৱল এখন চৰকাৰে অকলে অথবা কোনোবাই ব্যক্তিগত ভাবে অসমীয়া ভাষাটোক জীয়াই ৰখাটো কোনো পধ্যেই সম্ভৱপৰ নহয়। যদি চৰকাৰ, প্ৰশাসন, জাতীয় সংগঠন, ভাষা প্ৰেমী অসমীয়া জাতিৰ লোকসকলে একত্ৰিত হৈ এক উমৈহতীয়া প্ৰচেষ্টা হাতত লোৱা হয় তেনেহলে ভাষাটোক জীয়াই ৰখাটো হয়তো সম্ভৱপৰ হৈ উঠিব। ভাষাটোক জীয়াই ৰখাৰ ভাবে আহি পৰা প্ৰত্যাহ্বান সমূহক যদি নিৰ্মূল কৰিব লাগে তেনেহলে আমি হাতে কামে লাগিব লাগিব। কেৱল কাৰ্যসূচী আৰু অনুষ্ঠানৰ জৰিয়তে ভাষাটোক জীয়াই ৰখাৰ বাবে সংকল্প গ্ৰহণ কৰিলে ভাষাটো জীয়াই নাথাকে। ভাষা গৌৰৱ সপ্তাহ পালন কৰাৰ বাবে লোৱা চৰকাৰৰ এই পদক্ষেপ নিশ্চিতভাৱে এক আদৰণীয় পদক্ষেপ। কিন্তু ইয়াৰ সমান্তৰালকৈ অসমীয়া ভাষাটোক আৰু অধিক মজবুত কৰি ৰখাৰ বাবে অন্য কিছুমান পদক্ষেপ গ্ৰহণ কৰিব লাগিব। চৰকাৰী আৰু বেচৰকাৰী সকলো অনুষ্ঠান প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ কথিত আৰু লিখিত প্ৰচলন বাধ্যতামূলক কৰিব লাগিব। অসমীয়া ভাষাটোক অৱজ্ঞা কৰি যাতে অসমত কোনেও অন্য ভাষাক মূল ভাষা হিচাপে ব্যৱহাৰ কৰি কোনো কাৰ্য্য কৰিব নোৱাৰে তাৰ বাবে কিছু পদক্ষেপ লোৱাৰ সময় আহি পৰিছে। বহু সময়ত দেখা যায় অসমতে বহু অসমীয়া যুৱক যুৱতীক বিভিন্ন বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবে অপদস্থ কৰা হয়। ইয়াৰ উপৰিও বহু বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানত অসমীয়া ভাষাৰ ব্যৱহাৰ নিষিদ্ধ কৰি দিয়া হয়। এনেধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান সমূহৰ বিৰুদ্ধে যদি কঠোৰ নিৰ্দেশনা প্ৰদান কৰি অসমীয়া ভাষাৰ প্ৰচলন বাধ্যতামূলক কৰা নহয় তেনেহলে ৰাজ্যত ভাষা গৌৰৱ সপ্তাহ পালনে কিন্তু অসমীয়া ভাষাটোক কেতিয়াও জীয়াই ৰাখিব নোৱাৰিব। যিহেতু অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰতিগৰাকী ব্যক্তিকে অসমীয়া বুলি অভিহিত কৰা হয় গতিকে সেই ব্যক্তি সকলে অসমীয়া ভাষাটোক সন্মান জনোৱাৰ বাবে কোনো আপত্তি থাকিব নালাগে। অসমতে যদি অসমীয়া ভাষাৰ আদৰ, স্বাভিমান নাথাকে তেনেহলে দেশৰ বাহিৰৰ কথা বাদেই দেশৰ অন্য ৰাজ্যতে কোনো অস্তিত্ব নোহোৱা হৈ পৰিব। অসমীয়া ভাষা, অসমীয়া সাহিত্যৰ চর্চা যাতে প্ৰতিটো স্তৰতে শুদ্ধ ৰূপত হয় তাৰ বাবেও গুৰুত্ব প্ৰদান কৰাৰ সময় আহি পৰিছে। কাৰণ বৰ্তমান সামাজিক মাধ্যমত ব্যাপক হাৰত সাহিত্য চর্চা বিভিন্ন মঞ্চ গঢ়ি উঠিছে। এনে মঞ্চ সমূহৰ যোগেদি যাতে অসমীয়া সাহিত্যক কোনো কাৰণে বিকৃত কৰা নহয় তাৰ ওপৰতো সচেতন অসমীয়া লোকসকলে নজৰ দিয়াটো অন্ত্যন্ত জৰুৰী। চৰকাৰী ভাবে পালন কৰা ভাষা গৌৰৱ সপ্তাহে অসমীয়া ভাষাটোৰ প্ৰতি নামি অহা সকলো ভাবুকিৰ অৱসান ঘটাই এক নতুন আশাৰ সঞ্চাৰ কৰিলেহে ভাষা গৌৰৱ সপ্তাহ পালন কৰাটো ফলপ্ৰসূ হোৱা বুলি কব পৰা হব। ভাষা গৌৰৱ সপ্তাহ পালনৰ জৰিয়তে ৰাজ্যৰ প্ৰতিটো স্তৰত অসমীয়া ভাষাৰ কথিত আৰু লিখিত ৰূপত ব্যৱহাৰ হোৱাটো নিশ্চিত কৰিব পাৰিলেহে প্ৰকৃতাৰ্থত ভাষা গৌৰৱ সপ্তাহ পালন কৰা বুলি কব পৰা হব। যদি ভাষা গৌৰৱ সপ্তাহ পালন কৰাৰ পিছত পুনৰ এবাৰ অসমীয়া ভাষাটোৱে অস্তিত্বৰ সংকট ভুগিব লগীয়া হয় তেনেহলে ভাষা গৌৰৱ সপ্তাহ পালন একেবাৰে অসাৰ প্ৰতিপন্ন হব। প্ৰতিগৰাকী স্বাভিমানী অসমীয়া লোক আশাবাদী যে ভাষা গৌৰৱ সপ্তাহে অসমীয়া ভাষাটোৰ ওপৰত আহি পৰা সকলো প্ৰকাৰৰ সংকট নিৰ্মূল কৰি অসমীয়া ভাষাটো জীয়াই থকাৰ এক মসৃণ পথ প্ৰদান কৰিব। ভাষাটোৰ প্ৰতি থকা চৰকাৰৰ এই আন্তৰিকতা কেৱল এটা সপ্তাহতে আবদ্ধ নাথাকি প্ৰতিদিনে ভাষাটোক জীয়াই ৰখাৰ বাবে দায়বদ্ধ হৈ থাকিব। প্ৰতিগৰাকী অসমীয়া লোকে আশা কৰিব ভাষা গৌৰৱ সপ্তাহৰ দৰে অসমীয়া ভাষা আৰু জাতিটোক শক্তিশালী কৰিব পৰা আৰু বহুতো পদক্ষেপ চৰকাৰে গ্ৰহণ কৰক।