‘ভাষা গৌৰৱ সপ্তাহ’ৰ আৰম্ভণি দিনাই যোৰহাটৰ কনিষ্ঠ লেখক হিচাপে আত্মপ্রকাশ
যোৰহাট জোনাকী সঙ্ঘ বিদ্যালয়ৰ দ্বিতীয় শ্রেণীৰ ছাত্র অদিভিৎ বৰাৰ কাব্যপুথি ‘মৌ-কোঁহ’ উন্মোচন
ৰঙিলী বাৰ্ত্তাসেৱা- ‘ভাষা গৌৰৱ সপ্তাহ’ৰ আৰম্ভণি দিনাই যোৰহাটৰ কনিষ্ঠতম লেখক হিচাপে আত্মপ্রকাশ ঘটিল এজন কণমানি ছাত্রৰ । এই কণমানি ছাত্রজন হ’ল অদিভিৎ বৰা । উত্তৰ-পশ্চিম যোৰহাট কবি সন্মিলনৰ উদ্যোগত অসম শৈক্ষিক কেন্দ্র, যোৰহাটৰ প্রেক্ষাগৃহত অনুষ্ঠিত এখন গাম্ভীর্য়পূর্ণ সভাত যোৰহাট জোনাকী সঙ্ঘ বিদ্যালয়ৰ দ্বিতীয় শ্রেণীৰ ছাত্র অদিভিৎ বৰাৰ কাব্যপুথি মৌ-কোঁহ উন্মোচন কৰে যোৰহাটৰ বিধায়ক হিতেন্দ্রনাথ গোস্বামীয়ে । উত্তৰ-পশ্চিম যোৰহাট কবি সন্মিলনৰ সভাপতি বিপুল হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত কাব্যপুথিখন উন্মোচন কৰি যোৰহাটৰ বিধায়ক হিতেন্দ্রনাথ গোস্বামীয়ে কয় যে দ্বিতীয় শ্রেণীতে সাহিত্য ৰচনাত হাত দিয়া অদিভিৎ আগলৈ এজন সু-প্রতিষ্ঠিত লেখক হ’ব এই আশা কৰিলো । ছাত্রজনৰ এই ধাৰা অব্যাহত থাকক । উল্লেখ্য যে সৰুৰে পৰাই কবিতা লিখাৰ প্রতি আকর্ষিত হোৱা অদিভিতৰ প্রথম কবিতাটো প্রকাশ হৈছিল ২০২৩ চনৰ ১৬ জুলাইৰ সংখ্যাৰ দৈনিক জনমভূমি কাকতত। যোৰহাট জোনাকী সঙ্ঘ বিদ্যালয়ৰ দ্বিতীয় শ্রেণীৰ ছাত্র অদিভিৎ বৰাই অসমৰ বিভিন্ন প্রান্তত অনুষ্ঠিত কবিতা আবৃত্তি, চিত্রাংকন, সাধুকোৱা, আকস্মিক বক্তৃতা, তৎকালীন ৰচনা, ঘোষা পাঠ আদি প্রতিযোগিতাত একাধিকবাৰ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে । তদুপৰি অভিনয় আৰু নৃত্যৰ ক্ষেত্রতো বিশেষ পাৰদর্শিতা দেখুৱাইছে । ২০২৩ বৰ্ষৰ আগষ্ট মাহত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ সৈতে অন্তৰংগ আলাপত মিলিত হোৱাৰ সুবিধা লাভ কৰা অদিভিতে বিভিন্ন মঞ্চত বক্তৃতা প্রদান কৰিবলৈও নিমন্ত্রণ লাভ কৰিছে। অসমৰ অন্যতম ডিজিটেল মিডিয়া ‘আছাম ফ্লাচৰ বিশেষ সন্মান-২০২৩’ আৰু শিশু প্রতিভা বিকাশ মঞ্চ, অসমৰ ‘শিশু শিল্পী সন্মান-২০২৪’ লাভ কৰা অদিভিতক তিতাবৰ বিৰিণাশায়েকৰ পাঞ্চজন্য কলা কৃষ্টি কেন্দ্র আৰু পশ্চিম যোৰহাট জাতীয় বিদ্যালয় দহোটীয়াই বিশেষ মৰম আৰু সন্মান যাচিছে । জোনাকী সংঘ বিদ্যালয়ৰ দ্বিতীয় শ্রেণীৰ ছাত্রী প্রিয়মপাহি হাজৰিকাৰ এটি বৰগীত পৰিৱেশনৰে শুভাৰম্ভ হোৱা তথা বিশিষ্ট আবৃত্তিকাৰ নীহাৰিকা সোণোৱালে আঁত ধৰা অনুষ্ঠানত শিশু-সাহিত্যিক অনন্ত কুমাৰ শর্মা, যোৰহাট জিলা কবি সন্মিলনৰ প্রাক্তন সভাপতি যোগানন্দ বৰা, সাহিত্যিক মৃণালিনী গোস্বামী, সমাজকর্মী চফল খাউণ্ড সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি ভাষণ আগবঢ়াই । বর্ণমালা প্রকাশনৰ স্বত্বাধিকাৰী ভবেন হাজৰিকাই আদৰণি ভাষণ আগবঢ়োৱা সভাত বহুকেইগৰাকী কণমানি ছাত্র-ছাত্রীয়ে কবিতা আবৃত্তি কৰে । আজিৰ অনুষ্ঠানত অসম শৈক্ষিক কেন্দ্র, অসমৰ সম্পাদক ৰমেন গগৈ, যোৰহাট জিলা কবি সন্মিলনৰ সম্পাদক দেৱজিৎ গোস্বামী, যোৰহাট মহানগৰ কবি সন্মিলনৰ সম্পাদক মফিদা বেগম, মৌচাক আলোচনীৰ সহযোগী সম্পাদক জগত বৰা, বিশিষ্ট নাট্যকাৰ প্রশান্ত কটকী, শিশু-সাহিত্যিক সুনীল কুমাৰ শইকীয়া, কবি ডা: বিকাশ শর্মা, উত্তৰ-পশ্চিম যোৰহাট শাখা সাহিত্য সভাৰ সম্পাদক অশান্ত ৰাতুল দত্ত, পশ্চিম যোৰহাট জাতীয় বিদ্যালয় দহোটীয়াৰ সঞ্চালক ৰঞ্জিত কুমাৰ বৰা, সাহিত্যিক মানিক চন্দ্র বৰাকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানত কণমানি লেখক অদিভিৎ বৰায়ো নিজৰ অনুভৱ ব্যক্ত কৰে । উল্লেখ্য যে ২০১৬ চনৰ ১৯ জুলাইত জন্ম গ্ৰহণ কৰা অদিভিৎ যোৰহাট বালিগাঁৱৰ লখিমীখাত গাঁৱৰ নিৱাসী অজন্ত কুমাৰ বৰা আৰু কুসুম শইকীয়াৰ পুত্র ।