ভাল লাগে
এছ ইছলাম, শিক্ষক, বৰপেটা
ভাল লাগে চৰাই-চিৰিকটিৰ
মধুৰ সংগীত,
ভাল লাগে কুলি-কেতেকীৰ
মনভোলা গীত।
ভাল লাগে ঘন চিৰিকাৰ
চিৰিক চিৰিক মাত,
ভাল লাগে কপৌ চৰাইৰ
মনোমোহা গীত।
ভাল লাগে জান জুৰিৰ
কুলু কুলু মাত,
ভাল লাগে নদ-নদীৰ
ভটিয়নী সোঁত।
ভাল লাগে নীল আকাশৰ
নিশাৰ তৰালি,
জোন বাইৰ লগত থাকে
লুকাভাকু খেলি।
ভাল লাগে বোন্দা মেকুৰীৰ
মেউ মেউ মাত,
ভাল লাগে বন শিয়ালৰ
হোৱা হোৱা মাত।
বাঘ সিংহৰ গৰ্জন শুনিলে
তত নাথাকে গাত
পঞ্চম শ্রেণীৰ জ্ঞানৰ পূজাৰী
নহ’ল লিখাৰ জাত।