ভাল লগা আৰু ভালপোৱা – অৰ্ণৱ কটকী

ভাল লগা আৰু ভালপোৱা 

অৰ্ণৱ কটকী ,জাঁজী, যোৰহাট

এই ধৰক আপোনাৰ ভাল লাগিছে কোনো ব্যক্তি বা বস্তু। অকণমান সময় হলেও মনটো প্ৰশান্তিৰে উঠলি উঠিছে সেইয়াই ভাল লগা। ভাল লগা বিলাক ক্ষন্তেকিয়া, কিছু কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। আপোনাৰ ভাল লগাটো অভ্যাস হৈ পৰিলে ভাল পোৱা হব পাৰে তাত কোনো সন্দেহ নাই। কিন্তু ভাল লগা (যিকোনো বস্তু বা ব্যক্তি)আঁতৰত থাকিলে হে চাই ভাল লাগে যদি তাক নিজৰ কৰি অনা হয় তেনে সেই গুৰুত্ব আৰু ভাল লগা নোহোৱা হৈ পৰে।
আনহাতে ভালপোৱা সদায় পৃথক, একক,অনন্য। ভালপোৱাই অলপ মৰম, বিশ্বাস, শ্ৰদ্ধা আৰু সহযোগ বিচাৰে। নিজৰ সকলো উজাৰি ভালপোৱা জীয়াই ৰখাৰ চেষ্টা কৰে। ভালপোৱা পুৰণি নহয় সদায় ই চিৰনতুন হৈ থাকে। আমনি কাৰণ কেতিয়াও ভালপোৱা নহয়, কিন্তু ভাল লগা বিলাক কেতিয়াবা আমনি দায়ক হৈ পৰে। আপোনাৰো আছে নেকি এনে ভাল লগা বা ভালপোৱা? আমি প্ৰায়েই ভুল কৰোঁ ভাল লগা আৰু ভালপোৱা নিচিনি। সময় থাকোঁতেই ইয়াৰ প্ৰকৃত সত্য চাই লোৱা আজি সময়ত অতিকে প্ৰয়োজন। ভালে থাকক সকলো।