ভাল মানুহ হিচাপে গঢ় ল’বলৈ বহুত সময় লাগে – চন্দ্ৰ শেখৰ পৰাজুলী

PC - Wallpapers.com

ভাল মানুহ হিচাপে গঢ় ল’বলৈ বহুত সময় লাগে

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আমি মানু্হ হিচাপে জন্ম গ্ৰহণ কৰাৰে পৰা নিজ নিজ সময়, পৰিবেশ,পৰিস্থিতি অনুসৰি নিৰ্দিষ্ট এক লক্ষ্য বা উদ্দেশ্য আগত ৰাখি জীৱন আগবঢ়ায় লৈ যাবলৈ ধৰো। তাৰে মাজতে সুস্থিৰ ভাবে যদি জীৱন পৰিচালিত কৰা নাযায় তেন্তে বৰ্তমান সময়ত অতি দূৰ্ত গতিত জীৱন ধ্বংস দিশলৈ গতি কৰা ঠায়ে ঠায়ে পৰিলক্ষিত হ’বলৈ ধৰিছে। আৰু অন্যান্য বহু মানুহৰ ক্ষেত্ৰতে জীৱন একেবাৰে মাজত গৈ থমকি যোৱা দেখা যায়। অৰ্থাৎ তেওঁলোক সম্পূৰ্ণ ৰূপে সফলো নহয় আৰু সম্পূৰ্ণ ৰূপত বিফলতাৰ সন্মুখীন হৈছে বুলি ক’লেওঁ বেয়া হয়। আনহাতে তাৰে মাজতে একেবাৰে সামান্য পৰিমানৰ মানুহে জীৱনত সম্পূৰ্ণ ৰূপে সফলতাৰ মুখ দেখিবলৈ সক্ষম হয় নহয়নে? আচলতে মই ইয়াতে একেবাৰে সামান্যতম সফলতাৰ আৰম্ভ কৰি একেবাৰে সফলতাৰ শিখৰত উপনীত হোৱা সকলোবোৰ ব্যক্তিকে সফলতাৰ শাৰীত ৰাখিবলৈ যত্ন কৰিছোঁ। কাৰণ আজিকালি সফলতাৰ সিদ্ধান্ত বা সফলতাৰ বৈশিষ্ট্য আগতকৈ বহু অধিক ৰূপত পৰিবৰ্তন হোৱা পৰিলক্ষিত হৈছে। কিয়নো আজিকালি ইন্টাৰনেটৰ মাধ্যমৰ লগত জড়িত হৈয়ো বিভিন্ন দিশত নিজ নিজ ঠাইত আনতকৈ অধিক ৰূপত সফলতা অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখা যায়। সেয়েহে এতিয়া নিজ ব্যক্তিত্বৰ মাজত আনতকৈ কিছু পৃথক বা আনতকৈ বহুত অধিক সুন্দৰ ৰূপত যিকোনো বিষয় -বস্তুবোৰে প্ৰদৰ্শন বা উপস্থাপন কৰিবলৈ সক্ষম হ’লেই এতিয়া কিছু কিছু পৰিমাণে সফলতাৰ শ্ৰেণীত মানুহে ৰাখিবলৈ ইচ্ছা প্ৰকাশ কৰা দেখিবলৈ পোৱা যায়। সেয়েহে বৰ্তমান সময়ত সফলতা মাপকাঠি বা সফলতাৰ সূত্ৰ ইমান একেবাৰে জটিল বুলি বিবেচনা কৰিব নোৱাৰি। বৰ্তমান সময়ত সঁচা অৰ্থত কবলৈ গলে,একেবাৰে কম পৰিশ্ৰমৰ বিনিময়তে আৰু একে ৰাতিৰ ভিতৰতে সফলতা অৰ্জন কৰাৰ বহু উদাহৰণ আমাৰ মাজত বিৰাজমান আছে। কিন্তু মোৰ এনে অনুভৱ হয় যে,বৰ্তমান সময়ত আমি কেৱল সফলতাৰ পিছত দৌৰি ফুৰাব বাবে নিজকে এজন মানুহ হিচাপে গঢ় দিবলৈ দিনক দিনে পাহৰিবলৈ ধৰিছো। কাৰণ মই কনমান আগতে উল্লেখ কৰিছোঁ যে, বৰ্তমান সময়ত সফলতা একে ৰাতিৰ ভিতৰতে অৰ্জন কৰিব পাৰি কিন্তু সফলতা অৰ্জন কৰাৰ দৰে একে ৰাতিৰ ভিতৰতে এজন মানুহ একেবাৰে প্ৰকৃত অৰ্থত মানুহ হৈ গঢ় লোৱাটো সম্ভৱপৰ নহয়। এতিয়া এজন মানুহ আৰু এজন প্ৰকৃত অৰ্থত মানুহৰ মাজত থকা পাৰ্থক্যবোৰ কি কি হয় বুলি মোক যদি কোনোবাই প্ৰশ্ন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে তেন্তে এই প্ৰশ্নটোৰ উত্তৰবোৰ নিজৰ মাজতে বিচাৰিবলৈ যত্ন কৰিলে বহু কম সময়ৰ ভিতৰতে সঠিক উত্তৰ সমূহ নিজৰ মাজতে বিচাৰি পাবলৈ সক্ষম হ’ব বুলি মোৰ দৃঢ় বিশ্বাস । সফলতা তেতিয়াহে একেবাৰে স্থিৰ হৈ থাকিব যেতিয়া সফলতাৰ লগত ভাল ব্যক্তিত্ব সাঙোৰ খাই পৰে। অৰ্থাৎ বৰ্তমানে উচ্চ ব্যক্তিত্বৰ অধিকাৰী নোহোৱাকৈওঁ সফলতা অৰ্জন কৰিবলৈ সক্ষম হয় যদিওঁ সেই সফলতা কেতিয়াওঁ দীৰ্ঘস্থায়ী হৈ নাথাকে। সেয়েহে প্ৰথমতে এজন ভাল মানুহ হিচাপে গঢ় ল’বলৈ নিজকে সময় দিব লাগে। তাৰ পৰিবৰ্তন সময়চোৱাত যদি আপোনাৰ হাতত সফলতা আহি পৰে তেন্তে বহুত ভাল কথা। আৰু যদি এজন ভাল ব্যক্তিত্বৰ অধিকাৰী হৈওঁ আপুনি ভবামতে জীৱনত সফলতা পাবলৈ সক্ষম নহয় তথাপিও কিন্তু আপোনাক এজন সফল ব্যক্তিৰ শৰীতে ধৰি ৰাখিব পাৰি। কাৰণ বৰ্তমানে সফলতাবোৰ ক্ষনভৰতে আহি পৰে কিন্তু ভাল মানুহ হিচাপে গঢ় ল’বলৈ বহুত সময় লাগে।