ভাল দিশত গতি কৰা ব্যক্তিসকলক উৎসাহিত কৰক – চন্দ্ৰ শেখৰ পৰাজুলী

Pc Shutterstock

ভাল দিশত গতি কৰা ব্যক্তিসকলক উৎসাহিত কৰক

চন্দ্ৰ শেখৰ পৰাজুলী
 বিশ্বনাথ চাৰিআলি

       আজিকালি আমাৰ সমাজৰ মানচিত্ৰবোৰ লাহে লাহে সলনি হবলৈ ধৰিছে। কাৰণ আজিকালি ভাল কাম, ভাল বস্তু আদিৰ মূল্যতকৈ টকাকহে অধিক ৰূপত প্ৰাধান্য দিয়া দেখা যায়। সেয়েহে মানুহে আজিকালি জীৱন নিৰ্বাহ প্ৰণালীৰ  ওপৰত চকু নিক্ষেপ কৰি ব্যক্তিগতভাবে ভাল বা বেয়া ব্যবহাৰ কৰা দেখা যায় । ইয়াৰ উপৰিও আজিকালি উন্নতিৰ দিশত গতি কৰা আত্মীয় মানুহক উৎসাহিত কৰাৰ বাহিৰে অন্যান্য লোকসকলৰ কৰা বহুত প্ৰশংসনীয় পদক্ষেপ সমূহকো উচিত মৰ্যদা প্ৰাদানৰ পৰা বহু মানুহকে বঞ্চিত হোৱা দেখা যায়।সচা অৰ্থাৎ কবলৈ গলে আজিৰ সময়ত নিজ পৰিয়ালৰ মানুহৰ মাজতো ঋণাত্মক মনোভাৱ ,ঋণাত্মক প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পৰিলক্ষিত হয়।

             মই বা মোৰ সন্তান, সম্বন্ধীয়া সকলে যদি সমাজৰ বাবে প্ৰশংসনীয় পদক্ষেপ গ্ৰহণৰ বাবে হয়তো বহু ক্ষেত্ৰতে বঞ্চিত হ’ব পাৰে। এইটো একেবাৰে সামান্যতম কথা নহয় জানো ? কিন্তু মই, মোৰ সন্তান, সম্বন্ধীয়া সকলে যদি প্ৰশংসনীয় পদক্ষেপ গ্ৰহণৰ পৰা বঞ্চিত হৈছোঁ  বুলিয়ে নিজ গাঁৱৰ বা নিজে বসবাস কৰি অহা সমাজ এখনৰ যিকোনো ব্যক্তি এজনে যদি ভাল দিশত গতি কৰি  সমাজ এখনত  সকলোৰে বাবে  সলাগৰ পাত্ৰত পৰিগণিত হৈছে তথাপিও বহু মানুহে নিজৰ আত্ম অহংকাৰ বিসৰ্জন দিবলৈ প্ৰস্তুত নহয়। ইয়াৰ ফলত ভাল দিশত গতি কৰা ব্যক্তিসকলৰ উৎসাহ প্ৰদান কৰাৰ বিপৰীতে সেই ব্যক্তিজনৰ  নানান ভুল – ত্রুটি উলিয়াই  তেওঁৰ নিৰুৎসাহ প্ৰদানৰ জৰিয়তে কিদৰে তেখেতক পথ ভ্ৰমিত কৰিব পাৰি তাৰে অনৰহ প্ৰচেষ্টা চলায় থকা দেখা যায়। আচলতে আমি যদি ভাল কাম কৰা ব্যক্তিসকল প্ৰতি উচিত মূল্য প্ৰদানৰ পৰা বঞ্চিত হওঁ তেন্তে আমাৰ সমাজখন দিনক দিনে ধৰাতললৈ গতি কৰিব। গতিকে আত্ম অহংকাৰ, হিংসাত্মক মনোভাৱ ত্যাগ কৰি আমাৰ সমাজত ভাল দিশলৈ গতি কৰা ব্যক্তিসকলক উৎসাহিত কৰক।