ভালুকৰ সাঙীত পৰিণত ডিব্ৰুগড় জিলাৰ লেজাইৰ জলসিঞ্চন আচঁনি:খৰাং পৰিস্থিতিৰ বাবে কৃষকৰ হাহাকাৰ

ভালুকৰ সাঙীত পৰিণত ডিব্ৰুগড় জিলাৰ লেজাইৰ জলসিঞ্চন আচঁনি:খৰাং পৰিস্থিতিৰ বাবে কৃষকৰ হাহাকাৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ নৱগঠিত খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন লৰুৱা মৌজাৰ লেজাই কলাখোৱা অঞ্চলৰ কৃষকে বানৰ পিছত উদ্ভৱ হোৱা খৰাং পৰিস্থিতিৰ বাবে খেতিপথাৰত পানী হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত খেতি কৰাৰ ক্ষেত্ৰত বহু সমস্যাৰ সম্মুখীন হ’ব লগীয়া হৈছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। উল্লেখযোগ্য খৰাং বতৰৰ অবাঞ্চিত পৰিস্থিতিৰ বাবে পানী শুকাই যোৱাৰ ফলত বৰ্তমান লৰুৱা মৌজাৰ লেজাই বৰুৱা গাওঁ, বৰদৈবাম, মাজগাঁও পানীমিৰিককে ধৰি কেবাখনো গাঁৱৰ কৃষকে খেতিপথাৰত ধানখেতি ৰোপনৰ ক্ষেত্ৰত বাধাপ্ৰাপ্ত হৈ পৰিছে।খৰাং পৰিস্থিতিৰ বাবে লেজাই কলাখোৱা অঞ্চলৰ বহু শ শ বিঘা খেতি খৰাংৰ কবলত পৰি চন পৰি যোৱাৰ দিশে অগ্ৰসৰ হৈছে বুলি স্থানীয় কৃষক ৰাইজে গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। কৃত্ৰিম ভাৱে জলসিঞ্চন আচঁনিৰ জৰিয়তে পথাৰলৈ পানী বোঁৱাই নিয়া ব্যৱস্থাৰ ক্ষেত্ৰত লেজাই জগ্ৰোবন গাঁৱত জলসিঞ্চন বিভাগৰ এখন আঁচনি আছে যদিও কাৰ্যক্ষম নহয় ।”আছে গৰু নাবায় হাল, থকাতকৈ নোহোৱাই ভাল ” প্ৰবচন ফাঁকিৰ দৰে হৈ আহিছে । লেজাই জগ্ৰোবন গাঁৱৰ জলসিঞ্চন আচঁনিখন কাৰ্যক্ষম নোহোৱাকৈ ভালুকৰ সাঙীত পৰিণত হোৱা পৰিলক্ষিত হৈছে।আনকি সৌৰশক্তি যুক্ত পানী ব্যৱস্থাৰে খেতিপথাৰলৈ পানী বোঁৱাই নিয়াৰ ব্যৱস্থাও আজিলৈকে হৈ নুঠিল বুলি লৰুৱা মৌজাৰ লেজাই কলাখোৱা অঞ্চলৰ ৰাইজে অভিযোগ কৰিছে।লেজাই জগ্ৰোবনস্থিত জলসিঞ্চন আচঁনি খন আজিও পৰিত্যক্ত অৱস্থালৈ পৰ্যবসিত হৈ জহিখহি যোৱাৰ উপক্ৰম হৈছে বুলি স্থানীয় ৰাইজে আক্ষেপ প্ৰকাশ কৰিছে।প্ৰকাৰন্তে লেজাই কলাখোৱা অঞ্চলৰ খৰাং বতৰৰ অবাঞ্চিত পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ জলসিঞ্চন আচঁনিৰ অভাৱ বুলি লৰুৱা মৌজাৰ লেজাই কলাখোৱা অঞ্চলৰ ৰাইজে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।আনকি সৌৰশক্তি চালিত নলীনাদ সমূহৰদ্বাৰা খেতি পথাৰলৈ পানী যোগান ধৰাৰ ক্ষেত্ৰতো কোনো গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ নকৰা বুলি লেজাই কলাখোৱা অঞ্চলৰ ৰাইজে কয়। ইতিমধ্যে চলিত অসমীয়া নতুন বৰ্ষৰ শাওন মাহৰ মধ্য ভাগ দিন অতিবাহিত কৰাৰ সময় সমাগত যদিও আজিপৰ্যন্ত খৰাং বতৰৰ বাবে লেজাই কলাখোৱা অঞ্চলৰ বহু কৃষকে শ শ বিঘা মাটি খেতি নকৰাকৈ এৰি দি হুমুনিয়াহ কাঢ়িব লগীয়া পৰিস্থিতিৰ সন্মুখীন হৈ পৰিছে বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে। জাতীয় যুৱ শক্তি (অসম) ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিশ্বজিৎ বৰাই লেজাই জগ্ৰোবনস্থিত জলসিঞ্চন আচঁনি খন কাৰ্যক্ষম নকৰাক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰি অতি শীঘ্ৰেই উক্ত জলসিঞ্চন আচঁনি খন কাৰ্যক্ষম কৰিবলৈ অসম চৰকাৰৰ কৃষি আৰু জলসিঞ্চন বিভাগৰ প্ৰতি দাবী জনোৱাৰ উপৰিও সৌৰশক্তি চালিত নলীনাদ সমূহৰ জৰিয়তে লেজাই কলাখোৱা অঞ্চলৰ খৰাং পীড়িত অঞ্চলৰ খেতি পথাৰত পানী বোঁৱাই নিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। জাতীয় যুৱ শক্তি, অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি গৰাকীয়ে সমগ্ৰ ডিব্ৰুগড় জিলাৰ খৰাং কৃষি প্ৰধান অঞ্চলত জলসিঞ্চন আচঁনিৰ উপৰিও সৌৰশক্তি চালিত নলীনাদৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসমৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰীৰ প্ৰতি আহ্বান জনাইছে বুলি এক বিবৃতি যোগে জানিবলৈ দিছে।