ভাললগা আবেলিটো – ৰশ্মি ৰেখা দুৱৰা

Pc StockCake

ভাললগা আবেলিটো

ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়

আবেলিৰ সময়কণ বৰ প্ৰিয়,
অস্তমিত সুৰুযৰ সোণালী কিৰণ
জাকপাতি বাহলৈ উৰা চৰাইজাক
পোক-পৰুৱাৰ চিৰচিৰণিবোৰ
আৰু যে কত কি !
অশান্ত মনেও প্ৰতি আবেলিত শান্তি আঁজুৰে।

মন যায় অলপ সময়ৰ বাবে
ভাললগা আবেলিটো ধৰি ৰাখিবলৈ,
নোৱাৰিনে বাৰু?
কান্ধত জোলোঙা লৈ নদীৰ পাৰৰ
শিল বুটলা মুহূৰ্তবোৰ
হাবাথুৰি খালেও দৌৰি যায় নতুনত্ব বিচাৰি।

কেতিয়াবা মই তোমালৈ অপেক্ষা কৰোঁ
কেতিয়াবা তুমি মোলৈ !
সময়ে কালৈকো নকৰে অপেক্ষা
শক্তিশালী সময়ৰ তুলনাত নগণ্য মানৱ
সময়ৰ সোঁতত আবেলিটো ঘৰমুৱা হ’ল
প্ৰকৃতিৰ বুকুলৈ সন্ধ্যা নামিল।

কুলু-কুলু শব্দৰে নৈ বৈ যায়
টিক্-টিক্ কৰি সময়ো আগুৱাই
আবেলিৰ খোজত খোজ মিলাই
ঢাকি ধৰিল ধৰণী।
ভাললগা আবেলিটো মোৰ বাবে নাছিল
আছিল কোনোবা ক্ষণজন্মা জনৰ বাবে।