ভালপাওঁ
ভালপাওঁ জোনাকৰ পূৰ্ণিমাৰ জোন ,
তৰাই বুটা বচা আকাশ চাবাচোন !
ভালপাওঁ সজা ধৰা ৰং সেউজীয়া ,
ধাননিৰ আলিবোৰৰ চিন্ নাইকিয়া ৷
ভালপাওঁ কুঁৱলীৰ বগা আৱৰণ ,
নিয়ৰ জিলিকে যেন মুক্তাৰ বৰণ ৷
ভালপাওঁ শৰতৰ শেৱালিৰ সুবাস ,
শাৰদীয় উৎসৱৰ আনে উল্লাস্ ৷
ভালপাওঁ শিশুৰ মৌসনা মাত ,
ভাগৰ পলুৱাই হিয়া পৰে শাঁত্ ৷
ভালপাওঁ সন্তানৰ শৈশৱ সুঁৱৰি ,
দুচকুত ভৰি যায় সুখ দুখৰ পানী ৷
“ ভালপাওঁ “ বোৰ লিখিলেও শেষ নহয় ,
সেয়ে , ইমানতে সামৰিলো মই ৷
– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ-আলি