ভাগৰুৱা
=======
ভাগৰুৱা মই!
সচাঁকৈয়ে বৰ ভাগৰুৱা মই
নিজৰ লগতে যুঁজি যুঁজি
মই ভাগৰি পৰিছোঁ,বৰকৈ ভাগৰি পৰিছোঁ।
নিবিচাৰোঁ আৰু প্ৰত্যাহ্বান
নিবিচাৰোঁ…!!
মই শান্তি বিচাৰোঁ
বিচাৰোঁ…!!
সুখ আৰু কিছু নীৰৱতা।
নোৱাৰিছোঁ মই
মই ভাগৰি পৰিছোঁ বৰকৈ ভাগৰি পৰিছোঁ।
অৱসৰ লাগে মোকো,
প্ৰত্যাহ্বান জীৱনৰ মায়াজালৰ পৰা!!
