ভাগ্যই নো জানো কি কৰিব
কি লিখা আছে মোৰ হাতৰ ৰেখাত ।
ভগৱান এতিয়াতো কৃপা কৰা
মোৰ জীৱনত…
জীৱনত কৰিবলৈ আছে বহু ৰণ ।
যদি তুমি দিয়া ভাগ্যৰ এই বথা
কৰি যাম জীৱনত বহু ৰণ ।
জীৱন যুদ্ধত কেৱল তোমাৰেই আশা
নাই কোনো অন্য পন্থা
যুঁজি যাম এই পৃথিৱীত এক যোদ্ধাৰ দৰে
উৰুৱাই যাম সফলতাৰ ধ্বজা ।