ভাগ‍্য ওপৰত বিশ্বাস কৰি একো লাভ নাই – ভাস্কৰ প্ৰিয়ম হাজৰিকা

Pc Psychology Today

ভাগ‍্য ওপৰত বিশ্বাস কৰি একো লাভ নাই

ভাস্কৰ প্ৰিয়ম হাজৰিকা,
কৰচুং সত্ৰ, নগাঁও

জীৱন মানেই এক অবিৰত যাত্ৰা। এই যাত্ৰা আমাৰ জন্ম হোৱাৰ লগে লগে আৰম্ভ হয় আৰু মৃত‍্যুৰ পৰ্যন্ত চলি থাকে। এই যাত্ৰাত সুখ, দুখ, সফলতা, বিপৰ্যয়, লক্ষ্য, আশা, স্বপ্ন সকলোবোৰ জড়িত হৈ থাকে। আমি দৈনন্দিন জীৱনত বহুক্ষেত্ৰতে পিছলি পৰোঁ কিন্তু আমাৰ জীৱনত একোটা সমস্যা আহিলেই আমি দায়িত্বৰ পৰা মুখ ঘূৰাই “ভাগ্য” নামৰ এটা অদৃশ্য শব্দক দোষ উজাৰি সেই কৰ্মৰ পৰা বাৰেপতি বিচলিত হওঁ। যাৰ ফলত আমাৰ দ্বাৰা একোৱেই সুন্দৰভাৱে সম্পাদনা হৈ নুঠে বৰং আমাৰ মন-মগজুত নেতিবাচক চিন্তাই গাঢ় কৰি আমাৰ কৰণীয় তথা আমাৰ মনটোক গিলি পেলায়। আমি লাহে লাহে নিজৰ মাজত থকা শক্তিখিনিক পাহৰি যাওঁ। এক কথাত ক’বলৈ এয়া এটা আমাৰ জীৱনৰ ডাঙৰ বেমাৰ।

সকলো সময়তে নিজৰ ভাগ্যখনক বিশ্বাস কৰি একো নাই যদিহে আমি নিজৰ কৰ্মত মনোনিৱেশ নকৰোঁ। আমি সকলোৱে ভাগ্যক বিশ্বাস কৰোঁ কিন্তু তাৰ আগতে আমি নিজৰ কৰ্মখিনিত কঠোৰ পৰিশ্ৰম, মনোবলেৰে আগবাঢ়িব লাগিব। প্ৰথমে নিজৰ খেলপথাৰখনত নিজকে এজন দূদান্ত খেলুৱৈ হিচাপে গঢ় দিব লাগিব। ভাগ‍্যক বিশ্বাস কৰি একো লাভ নাই যদিহে তুমি নিজৰ কৰ্মখিনি সঠিকভাৱে সম্পাদনা কৰা নাই।

ভাগ্য একো নহয়। ই মাথোঁ সময়, পৰিস্থিতি আৰু সুযোগৰ মিলন। এই তিনিটা মিলন ঘটাবলৈ হ’লে প্ৰথমে তুমি কৰ্ম কৰিব লাগিব আৰু অকল কৰ্ম কৰিলেই নহ’ব লগতে লাগিব কঠোৰ পৰিশ্ৰম,ধৈৰ্য‍্য একাগ্ৰতা আৰু নিজস্বতা যাতে হাজাৰ বিফল হ’লেও পৃথিৱীৰ কোনো শক্তিৰে তোমাক কেতিয়াও নিজৰ পথৰ পৰা বিচলিত কৰিব নোৱাৰে। যেতিয়ালৈকে কৰ্ম নকৰে তেতিয়ালৈকে ভাগ্য আহিব নোৱাৰে।

এই পৃথিৱীত সকলোতকৈ অসফলতাৰ প্ৰথম বাক্যশাৰী হৈছে “ভাগ্যত নাই চাগে…।” এয়া হৈছে দূৰ্বল মনৰ বাক্য। জীৱন যদি এইশাৰী বাক‍্য মনলৈ আনিছে আপুনি কেতিয়াও সফল হ’ব নোৱাৰে। আপুনি নিজৰ বিজয়ৰ পতাকাখন নিজৰ হাতেৰে নমাইছে আৰু যুদ্ধখন আৰম্ভণি নকৰা আগতেই নিজেই পৰাজয় স্বীকাৰ কৰিছে। আপুনি যুঁজক বাৰে বাৰে তাৰ ফলাফল আপোনাৰ কৰ্ম, একাগ্ৰতা, ধৈৰ্য‍্য আদিৰ বলত গম পাব। এনেবোৰ দূৰ্বল বাক‍্য সদায় জীৱনৰ পৰা পৰিহাৰ কৰক কাৰণ এনে বাক‍্যই  আপোনাৰ মন-মগজুত নেতিবাচক প্ৰভাৱ পেলাৱ পাৰে আৰু আপুনি প্ৰতিটো কাম কৰোঁতে যদি অসফল হয় এইষাৰ কথাকে মনলৈ আনিব। তাৰ ফলত আপোনাৰ দ্বাৰা সকলো কামেই আধৰুৱা নাইবা আপুনি বিফলতাৰ হোৱাৰ পিছত যুঁজিবলৈ বাদ দিব। জীৱনত সফল হোৱা প্ৰতিজন লোকেই অসফলতা দেখিছে আৰু পুনৰ যুঁজিব শিকিছে তাৰফলত নিজৰ ভাগ‍্য নিজেই লিখিছে।

একোজন খেলুৱৈয়ে খেলপথাৰত নমা আগতেই যদি ভাৱে মই হাৰিম বা ভাগ‍্যত যি আছে তাকে হ’ব তেতিয়া তেওঁ কোনোদিনে জয়ী হ’ব নোৱাৰে কাৰণ তেওঁ যুদ্ধ আৰম্ভ হোৱাৰ আগতেই মানসিকভাৱে পৰাজয় স্বীকাৰ কৰিছে। ভাগ‍্যক ধীৰাই থকাতকৈ নিজৰ ক্ষমতা উন্নয়ন, অভ্যাস, অধ্যয়ন, অধ্যৱসায় আৰু পৰিশ্ৰমক নিয়মিত অনুশীলন কৰিব লাগিব। তেতিয়াহে সফলতাৰ শিখৰলৈ বগাব পাৰিব।

আমি যেতিয়া নিজকে কওঁ “ভাগ‍্যত নাই চাগে।” তেতিয়া আমাৰ মগজুৱে কয় “ হয়, আমি নোৱাৰিম আৰু মোৰ দ্বাৰা নহ’ব একো।” এনে চিন্তা আৰু মানসিকতাই আমাৰ শক্তিবোৰক মৃত‍্যু ঘটায়। পিছত আমি কৰ্ম আৰম্ভ কৰিলেও আমাৰ মনত ভয় আৰু দ্বিধাই মনটোক ঢাকি পেলাই ফলত আমি সদায় নিজৰ ভাগ‍্যখনকে দোষ দি কৰ্মৰ পৰা গা এৰা দিওঁ। এই পৃথিৱীত হাজাৰজন মানুহ আছে কিন্তু সফলতা সকলোৱে প‍োৱা নাই যিজনে সফলতা পাইছে তেওঁলোকে ভাগ্যৰ বাবে অপেক্ষা নকৰে, ভাগ‍্য তেওঁলোকে নিজেই লিখে।

জীৱনত যদি সফল হ’ব বিচাৰিছে ভাগ‍্যৰ বাবে অপেক্ষা নকৰিব , পৰিস্হিতিৰ ওপৰত অভিযোগ নানিব, অফলতা দেখি ভয় বা পিছুৱাই নাহিব , আনক কেতিয়াও দোষ নিদিব। প্ৰথমে নিজক বিশ্বাস কৰক আৰু নিজকে কৰ্মত মনোনিৱেশ কৰক। ভাগ‍্য কোনো বিধাতাই কপালত লিখা শব্দ নহয়। ভাগ‍্য হৈছে কপালৰ ঘাম, পৰিশ্ৰম, ধৈৰ্য‍্য আৰু মনোবলৰ একোটা সংমিশ্ৰণ। ভাগ‍্যক ধিৰাই বহি থাকি একো লাভ নাই যেতিয়ালৈকে আমি আগবাঢ়ি নাযাওঁ।