ভাগ্য
অলকা বুজৰ বৰুৱা
টিহু , নলবাৰী
ভাগ্যতকৈ ডাঙৰ স্কীপ ৰাইটাৰ আৰু কোনো নাই । তিনিটা বছৰৰ ভিতৰতে সুৰঞ্জনাৰ ঘৰখন উদং হৈ গ’ল । তিনিটাকৈ ল’ৰা আৰু স্বামী নিৰঞ্জন বৰুৱাই অগা পিছাকৈ তাইক চিৰদিনৰ বাবে অকলশৰীয়া কৰি গুছি গ’ল । এতিয়া প্ৰকাণ্ড ঘৰটোত তাই অকলে থাকে । কোনোদিনে কাৰো অন্যায় নকৰা মানুহজনীক নিষ্ঠুৰ নিয়তিয়ে এনেদৰে থেকেচি পেলাব বুলি তাই সপোনতো ভবা নাছিল । এসময়ৰ ৰজন জনাই থকা ঘৰৰ নিমাওমাও পৰিবেশত সুৰঞ্জনাই এতিয়া তাহানিৰ স্মৃতিবোৰকে বুকুত সাবটি জীয়াই থাকিবলৈ শিকি পেলাইছে ।
