ভয়
সুশান্ত বৰুৱা , গোলাঘাট
তুমি কলিজাৰ কোন খিনিত আছা নাজানো
উশাহটো লাহেকৈ লওঁ
কিজানিবা তোমাৰ কলিজাত ঠেকাখাই মোৰ উশাহ
ভয় ——
যদি খহি পৰে প্ৰেমৰ সৌধ
এখন ছবি আঁকিছিলো
আকাশত জোন , মাজত এপাহ ফুল
বগা জবা —
চোতালত বহি আছা তুমি
তোমাৰ দুচকুৰ কজলা মেঘত
বিজুলীয়ে অঁকা সপোনৰ ডুখৰীয়া ছবি
আৰু মই —-
শূণ্যতাৰ কান্ধত ভেজা দি
চুই চাব খুজিছো কৰ্দৈসিৰীয়া জোনৰ পিঠি
ৰাতি নদীৰ বুকুত বঠা বাই
ভটিয়াই যায় জীৱন পানচৈ
সুখ – দুখ , হা – হুমুনিয়াহৰ বোজা তুলি
উৰি যায় জিৰণি লোৱা এজাক চৰাই
সুখ বুটলি অনা চৰাই
দুখৰ ভৰত টুলুং – ভুটুং ডিঙা..