ভয়াৱহ হৈ পৰিছে ৰাজধানী দিল্লীৰ পৰিৱেশ

ৰঙিলী বাৰ্ত্তাসেৱা- ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ৰাজধানী দিল্লীৰ পৰিৱেশ ৷ প্ৰতিদিনাই দিল্লীৰ প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাবলৈ ধৰিছে ৷ কেন্দ্রীয় প্রদূষণ নিয়ন্ত্রণ ব’র্ডে প্রকাশ কৰা তথ্য অনুসৰি দেশৰ ভিতৰতে গুৱাহাটী আৰু তিৱনন্তপুৰমত বায়ুৰ মান অতিকৈ সন্তোষজনক। সোমবাৰে আবেলিলৈকে দেশৰ কেইবাখনো উল্লেখযোগ্য চহৰৰ বায়ুৰ গুণাগুণৰ সূচাংক (একিউআই)ৰ তালিকা প্রকাশ কৰিছে কেন্দ্ৰীয় প্রদূষণ নিয়ন্ত্রণ ব’র্ডে। এই তালিকাৰ পৰাই স্পষ্ট হৈছে ভয়াৱহ প্ৰদূষিত চহৰৰ তুলনাত গুৱাহাটী আৰু তিৰুৱনন্তপুৰৰ্মৰ বায়ুৰ মান যথেষ্ট সন্তোষজনক। সকলোতকৈ নিম্নমানৰ একিউআই হৈছে দিল্লীৰ। প্ৰদূষিত চহৰ হিচাপে চিহ্নিত হোৱা ৰাজধানী মহানগৰখনৰ একিউআই হ্রাস পায় ৪৯৫লৈ। ভূপাল, চণ্ডীগড়, চেন্নাইৰ একিউআই নিম্নমানত অন্তর্ভুক্ত হোৱাৰ বিপৰীতে হায়দৰাবাদ, জয়পুৰ, কলকাতা, লক্ষ্ণৌ, মুম্বাই, পাটনা, ৰায়পুৰ, ভুবনেশ্বৰ, আহমেদাবাদ আৰু বাংগালুৰুৰ বায়ুৰ গুণাগুণ সূচাংক মধ্যমীয়া বুলি চিহ্নিত হৈছে। উল্লেখ্য যে সন্তোষজনক হিচাপে চিহ্নিত হোৱা গুৱাহাটীৰ একিউআই হৈছে ৫৬। আনহাতে, তিৰুৱনন্তপুৰৰ্মৰ একিউআই হ’ল ৬৫। মন কৰিবলগীয়া যে দিল্লীৰ প্ৰদূষণৰ মাত্ৰা প্ৰতিদিনে বৃদ্ধি পোৱাৰ পাছতো কেৱল সতর্কতামূলক ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিয়েই দায়িত্ব সামৰিছে স্থানীয় চৰকাৰখনে। কাৰ্যতঃ ভয়াৱহ প্ৰদূষণৰ কবলত পৰা দিল্লীত এতিয়া বিদ্যালয়ৰ পাঠদান সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। আজিৰ দিনটোত নতুন দিল্লীত একিউআই ৪৮১ হোৱাৰ পাছত জাৰি কৰিবলগীয়া হৈছে জিআৰএপি-৪ ব্যৱস্থা। উল্লেখ্য যে বিগত চাৰিটা দিনত ধাৰাবাহিকভাৱে অৱনতি ঘটিছিল দিল্লীৰ একিউআইৰ মাত্রা। অকল দিল্লীয়েই নহয়, ইয়াৰ চুবুৰীয়া চণ্ডীগড়, হাৰিয়ানা, নয়দাকে ধৰি দিল্লীৰ সীমাৰ সৈতে সংযোগ হৈ থকা অঞ্চলসমূহতো প্ৰদূষণৰ মাত্ৰা ভয়াৱহভাবে বৃদ্ধি পাইছে। ধূলি, কার্বন-ডাই- অক্সাইড মিহলি ধোঁৱা আৰু কুঁৱলীয়ে মিলি সৃষ্টি কৰা ভয়াৱহ বায়ু প্রদূষণে এতিয়া জনজীৱনলৈ নমাই আনিছে ভয়ংকৰ শংকা। শিশুৰ পৰা বৃদ্ধলৈ প্ৰতিজন দিল্লীবাসীয়ে এতিয়া বায়ু প্ৰদূষণৰ কবলত পৰিবলগীয়া হৈছে। উশাহ-নিশাহ লোৱাত কষ্ট পোৱাৰ লগতে দিল্লী চহৰৰ দৃশ্যমানতাও হ্রাস পাইছে। ইতিমধ্যে ভয়াৱহ বায়ু প্ৰদূষণৰ বাবে দিল্লী আৰু এনচিআৰ সংলগ্ন অঞ্চলৰ শিক্ষানুষ্ঠানত নৱম শ্ৰেণীপর্যন্ত পাঠদান বন্ধ কৰি দিয়া হৈছে। কেৱল দশম আৰু দ্বাদশৰ ক্ষেত্ৰতহে বিদ্যালয় খোলা ৰখাৰ নিৰ্দেশ দিছিল দিল্লী চৰকাৰে। ইয়াতেই আজি ক্ষুণ্ণ হৈ পৰে উচ্চতম ন্যায়ালয়। ন্যায়াধীশ অভয় এছ অকা আৰু ন্যায়াধীশ আগষ্টিন জর্জ মছিহৰৰ বিচাৰপীঠে দিল্লী চৰকাৰ প্ৰতি স্পষ্ট প্রশ্ন তোলে- দশম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীৰ হাঁওফাঁও বেলেগ নেকি? ইয়াতে ক্ষান্ত নাথাকি উচ্চতম ন্যায়ালয়ে দিল্লীত শিক্ষানুষ্ঠান বন্ধ ৰখাৰ বাবে সংশ্লিষ্ট কর্তৃপক্ষক পদক্ষেপ গ্রহণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন কৰিবলগীয়া যে দিল্লীৰ বায়ুৰ গুণাগুণ নির্ধাৰণৰ বাবে ৩৫টা পর্যবেক্ষণ কেন্দ্র আছে। ইয়াৰে ২২টা পর্যবেক্ষণ কেন্দ্রতে একিউআই বিপজ্জনক পর্যায়ত আছে। একিউআই ৪৫০ৰ সীমাৰেখা অতিক্ৰম কৰিলেই বায়ু প্ৰদূষণ ভয়াৱহ বুলি ধৰা হয়। তেনে অৱস্থাত দিল্লীৰ একিউআই ৪৮১ পর্যন্ত হোৱাটো ৰাজধানী চহৰখনৰ বাবে ভয়ংকৰ হৈ পৰিছে। ইফালে, সমগ্ৰ পৰিৱেশ পৰ্যবেক্ষণ কৰি জিআৰএপি-৪ জাৰি কৰি মুখ্যতঃ সকলোধৰণৰ নিৰ্মাণকাৰ্য বন্ধ কৰি ৰখা হৈছে। একেদৰে বন্ধ থাকিব বিদ্যালয় আৰু যান-বাহন চলিব যুগ্ম-অযুগ্ম ভিত্তিত। ইয়াৰ বিপৰীতে গুৱাহাটী আৰু তিৰুৱনন্তপুৰমৰ বায়ুৰ গুণাগুণ সূচাংক সন্তোষজনক হৈ থকা খবৰে গুৱাহাটীবাসী তথা ৰাজ্যবাসীক যথেষ্ট সকাহ দিছে।