ভয়াল ৰাতিৰ নিজম কবিতা
ৰামেশ্বৰ নাথ
বহু দিনেই হ’ল ভয়াল ৰাতিৰ
সৈতে আলিংগন নকৰা ।
সেয়ে লিখা হোৱা নাই
ভয়াল ৰাতিৰ নিজম কবিতা ।
ভয়াল ৰাতিৰ সৈতে
চিনাকি মোৰ বহু দিনৰ
সময়ৰ তাগিদাত সম্পৰ্ক নাছিল
দুয়ো দুয়োৰে মাজত ।
ঘৰ তমসাত যেতিয়া বুৰ যায় মেদিনী
চন্দ্ৰমাই ও যেতিয়া সেও মানে
তমসাৰ আগত ।
দূৰ দুৰনিলৈ চাৰিওফালে
কেৱল নিমাত, নিতাল, নিস্তব্ধ।
দূৰণিৰ পৰা বৈ অহা
চেঁচা বতাহজাক আৰু
খাদ্য বিচাৰি ওলাই অহা
দুই এটি হিংসু জীৱ জন্তু,
পোক পতংগৰ কীৰিলিয়ে
যেতিয়া ৰজনা জনাই থাকে ।
সেই সময়তে চৌদিশে
পিয়াপি দি ফুৰে অশৰীৰি শক্তি ।
সেই ভয়াল ৰাতি কৰ্তব্যৰ বাবে
যেতিয়া উজাগৰে কটাও ,
তেতিয়া কল্পনাৰ পৃথিৱীত
নিজেই বিলীন হৈ যাও ,
বিচাৰি আনো নতুন নতুন অনুভৱ
আৰু এটি এটি সুন্দৰ শব্দ মালা ।