ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল গান্ধী ধাম এক্সপ্ৰেছ

ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল গান্ধী ধাম এক্সপ্ৰেছ

ৰঙিলী বাৰ্ত্তাসেৱা-  এক ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল উজনিমুৱা গান্ধী ধাম এক্সপ্ৰেছ।  গান্ধী ধাম এক্সপ্ৰেছত সংঘটিত হোৱা যান্ত্ৰিক বিজুতিৰ পৰিপ্ৰেক্ষিতত ৰে’লখনত অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। জানিব পৰা মতে ৰে’লখনৰ ব্ৰেকৰ পৰা সূত্ৰপাত হোৱা এই জুই পৰৱৰ্তী সময়ত ডবালৈয়ো বিয়পি পৰে। অৱশ্যে সৌভাগ্যক্ৰমে এই ঘটনাত কোনো লোক হতাহতি হোৱাৰ খবৰ এই পৰ্যন্ত অহা নাই। বঙাইগাঁৱৰ সমীপৱৰ্তী মাজগাঁৱত সংঘটিত হোৱা এই ঘটনাৰ পাছতে ৰে’লখনত থকা কৰ্মচাৰীসকলে ততাতৈয়াকৈ জুই নিৰ্বাপতি কৰিবলৈ সক্ষম হয়।