ভয়ংকৰ বিস্ফোৰণত কঁপি উঠিল দিল্লীৰ লালকিল্লা
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজধানী দিল্লীত সংঘটিত হৈছে ভয়ংকৰ বিস্ফোৰণ ৷ নিশ্ছিদ্ৰ নিৰাপত্তা বেষ্টনীৰ মাজত থকা নতুন দিল্লী বিস্ফোৰণত ৰক্তাক্ত হৈ পৰিল। লালকিল্লাৰ সন্মুখৰ পাৰ্কিঙত থকা এখন বাহনত বিস্ফোৰণ সংঘটিত হোৱাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাত বৰ্তমানলৈকে ১৩জনৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে ৩০জনৰো অধিক লোক আহত হয়। আহতসকলক দিল্লীৰ এল এন জে পি হাস্পতালত ভর্তি কৰা হৈছে। সোমবাৰে সন্ধিয়া ৬.৫২ বজাত লালকিল্লাৰ মেট্ৰ’ ১ নম্বৰ গেটৰ পাৰ্কিঙত ৰখাই থোৱা আই-২০ বাহনত বিস্ফোৰণ হয়। বিস্ফোৰণ ইমানেই ভয়াৱহ আছিল যে একাধিক বাহন বহু ওপৰলৈ উৰি যোৱাৰ লগতে যে বহু লোকৰ মাংসপিণ্ড পথত সিঁচৰতি হৈ পৰে। বৰ্তমানলৈকে ঘটনাৰ সৈতে কোন জড়িত তাৰ কোনো তথ্য লাভ কৰা নাই। ইফালে, এই পার্কিঙৰ সন্মুখতে এটা জৈন মন্দিৰ আৰু উমা শংকৰ মন্দিৰ থকা অঞ্চলটোত সন্ধিয়াৰ সময়ত বহু লোকৰ সমাগম হৈছিল। বিস্ফোৰণৰ ফলত ২২খনৰো অধিক বাহনত জুই লগাত হতাহতৰ সংখ্যা বৃদ্ধি পায় বুলি আৰক্ষীয়ে সদৰী কৰিছে। ঘটনাৰ খবৰ পোৱাৰ পিছতে এনএছজি আৰু ফৰেনছিকৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে। হাৰিয়ানাৰ পঞ্জীকৃত বাহনখন চিনাক্তকৰণৰ পিছতে বাহনখনৰ পূৰ্বৰ গৰাকী নাদিম খানক ফৰিদাবাদত আটক কৰা হৈছে। উল্লেখ্য যে কালি দিল্লী আৰু ফৰিদাবাদত দুগৰাকী চিকিৎসকৰ কবলৰ পৰা প্ৰায় ২,৯০০ কেজি বিস্ফোৰকসহ বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ উদ্ধাৰৰ পিছতে দিল্লীত সংঘটিত এই বিস্ফোৰণৰ ঘটনাই সমগ্র দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। ইয়াৰ পিছতে দেশৰ প্ৰধান চহৰসমূহত হাই এলার্ট জাৰি কৰাৰ লগতে নিৰাপত্তাৰক্ষীক সষ্টম হৈ থকাৰ নিৰ্দেশ দিয়া হৈছে। ৰাজধানী দিল্লীত সংঘটিত ভয়ংকৰ বিস্ফোৰণ সন্দেহজনক সন্ত্রাসবাদীয়ে সংঘটিত কৰা বুলি প্রাথমিক তদন্তত ঠাৱৰ কৰা হৈছে। কেন্দ্রীয় গৃহ মন্ত্রালয়ে পাকিস্তান সীমান্তৱৰ্তী কাশ্মীৰত ৰেড এলার্ট জাৰি কৰাৰ উপৰি মুম্বাই, কলকাতা, মধ্যপ্রদেশ, উত্তৰ প্ৰদেশ, হাৰিয়ানা আৰু গুজৰাটত ৰেড এলার্ট জাৰি কৰিছে। উল্লিখিত ৰাজ্যসমূহত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ উপৰি যিকোনো পৰিস্থিতিৰ বাবে সাজু হৈ থকাৰ নিৰ্দেশ দিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে।
