ভবা দৰে একো নহয়!
অৰ্ণৱ কটকী
জাঁজী যোৰহাট
কথাবোৰ লিখাৰ দৰেই হোৱা হ’লে। ভবা মতে জীৱন আগুৱাই যোৱা হ’লে! এৰা ভবা বা লিখাৰ দৰে একো নহয়, আনকি চিনেমা নাইবা গানৰ দৰেও জীৱন নহয়।
সমাজত চৰকাৰী চাকৰিৰ প্ৰয়োজন হয়তো নাই কিন্তু সেই সমাজৰ এজন ব্যক্তিয়ে বিবাহৰ বাবে চৰকাৰী চাকৰি থকাটো প্ৰয়োজন হৈ পৰে । কল্পনা আৰু বাস্তৱৰ মাজত থকা ফাটটো বহুত ডাঙৰ। আমি সপোন দেখি ভাল পাওঁ কিন্তু সেই সপোন চুই চোৱাৰ মন নাই,বা চেষ্টা নকৰোঁ। সকলোতে সফল হ’ম বুলি আমাৰ মনে ভাৱি লয়, আৰু যেতিয়াই বিফলতাই আমাক থেকেছি দিয়ে তেতিয়া আমি হতাশ হৈ পৰো। পাহৰি যাওঁ আমিও, একেদিনাই আমি কোনেও যে নিজৰ ভৰিৰে খোজ কাঢ়িব পৰা নাছিলোঁ তাৰ আগত হেজাৰ বাৰ বাগৰি পৰি আঘাত পাইছোঁ।
কল্পনা পৃথিৱী খনত বাস কৰিবলৈ ভাল। কল্পনা বিলাক বাস্তৱ কৰিবলৈ হে বহু কঠিন। সপোন দেখাবলৈ ভাল তাক পূৰ কৰিবলৈ বহুতো টান।
ভবা দৰে কিয় নহয় বাৰু আমাৰ জীৱন!