ভবাৰ দৰে নহয় কথাবোৰ
সত্যজিৎ গগৈ,বামুণী গাঁও
কথাবোৰ ভাবিলে ভাল লাগে
লগে লগে গৈ থাকে আকাশৰ চায়া
শীৰ্ণকায় এটি ছয়াময়া কায়া,
সাধুকথাবোৰ পুৰণি হ’ল
চোতালখন নোহোৱা হ’ল
পাতিত বহি হাঁহি কথা সময়বোৰ
কেতিয়াবাই দেখোন নোহোৱা হ’ল,
এদিন ধান উতলাই থাকোঁতে
কেঁচা গোবৰে মচি থোৱা চোতাল খনত
শালিকী এজনীয়ে খোজ দিছিল
কিৰিলি পাৰি মাতিছিল লগৰীয়াক
সিঁহতৰো যে পেট আছে
খাবলৈ নাই খুদকণ,
সমাজখনো হ’ল অস্থিৰ
মই মোকেই মাৰিছো নিজেই
জীয়াই জীয়াই পুৰি পেলাইছোঁ
মোৰ সোঁ-হাতৰ শক্তিবোৰ
চিঞৰি চিঞৰি কোনোবাই কৈ আছে
অভিজ্ঞতাৰে পুষ্ট জীৱনৰ কথা।