ভবানীপুৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত মহিলা অধিবক্তাৰ মৃত্যু

ভবানীপুৰত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত মহিলা অধিবক্তাৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা-  ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সন্মুখৰ ২৭নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।এই ভয়ংকৰ দুৰ্ঘটনাটোত এগৰাকী মহিলা অধিবক্তা থিতাতে নিহত হয়। প্রাপ্ত তথ্য মতে ভৱানীপুৰৰ নিকটৱৰ্তী পূব লুৱাশুৰ গাঁৱৰ নাজমা য়াছমিন নামৰ বজালী আদালতৰ অধিবক্তাগৰাকীয়ে কৰ্তব্য সমাপন কৰি বাছেৰে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সন্মুখৰ ফুলৰতল চ’কত নামে। তাৰ পাছতে তেওঁ চাৰি লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ ডাইভাৰ্ছনত থিয় হয়। বিয়লি প্রায় ৫.১০ বজাত গুৱাহাটীৰ দিশৰ পৰা তীব্ৰ বেগত আহি থকা এখন হুণ্ডাই ভেনুৱে  ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হ’বলৈ বিচৰা এখন ই-ৰিক্সাক বচাবলৈ গৈ নিয়ন্ত্রণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ ডিভাইডাৰৰ ওচৰত পথ অতিক্ৰম কৰিবলৈ ৰৈ থকা নাজমা য়াছমিনক খুন্দা মাৰে। ভেনুখনৰ খুন্দাত মহিলা অধিবক্তাগৰাকী পথটিৰ আনটো দিশত ছিটিকি পৰে। বিপৰীত দিশৰ পৰা আহি থকা এখন ডাম্পাৰ মহিলাগৰাকীৰ গাৰ ওপৰেৰে পাৰ হৈ যায়। ফলত য়াছমিনৰ সম্পূৰ্ণ দেহ ছিন্নভিন্ন হৈ পৰে। অধিবক্তা আমিনুল হকৰ পত্নী নাজমা য়াছমিনৰ শোকাৱহ মৃত্যুত বৃহত্তৰ ভৱানীপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে। উল্লেখ্য যে সাত বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হোৱা নাজমা য়াছমিন আছিল তিনি মাহৰ গৰ্ভৱতী। ভৱানীপুৰ আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ দুর্ঘটনাটোৰ সৈতে জড়িত বাহনকেইখন আৰক্ষী থানালৈ লৈ যায়। সম্পূৰ্ণৰূপে চেপেটা হৈ যোৱা মহিলাগৰাকীৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।