ভবাই নাছিলো…..
দেৱাশীষ গোস্বামী
কৃত কৰ্মৰ ফলাফলৰ তাৎক্ষণিক প্রতিক্রিয়াই হৈছে ‘ভবাই নাছিলো’। এই প্রতিক্রিয়া কেতিয়াবা ধনাত্মক, কেতিয়াবা ঋণাত্মক। দৈনন্দিন জীৱনত আমি প্রত্যেকজনে কৰা কৰ্মৰ ফল পোৱাতো ধুৰূপ। সেয়েহে বিজ্ঞজনে কয়-‘ভাল কৰ্মৰ ভাল ফল, বেয়া কৰ্মৰ বেয়া ফল।’ ভোগ বিলাসীতা বর্তমান সময়ত আমাৰ জীৱনৰ এক অবিচ্ছেদ্য অংগ। এই ক্ষন্তেকীয়া ভোগ বিলাসীতাক পাবলৈ কিমান যে আমাৰ হাবিয়াস। মূল সমস্যাটো হ’ল, আমাৰ অধিকাংশৰে আঠুৱা চাই ঠেং মেলাৰ অভ্যাস নাই আৰু তাতোতকৈ ডাঙৰ কথাটো হ’ল- জীৱনত আমি সৎপথেৰে কষ্ট কৰি পোৱা খিনিত কেতিয়াও সন্তুষ্ট নহওঁ। আমাক আৰু লাগে, পাৰে মানে লাগে, মুঠতে লাগে, লাগে আৰু লাগে। তাৰ বাবে যিকোনো পৰ্য্যায়লৈ নামিবলৈও আমি কুণ্ঠাবোধ নকৰো। কিন্তু তেতিয়াহে লাগে লেঠা, যেতিয়াই আমাৰ হাবিয়াস পূৰাবলৈ গৈ কৰা আমাৰ কর্মই আমাক ঋণাত্মক ফলাফল প্রদান কৰে।
সপোনৰো অগোচৰ কিছুমান ফলাফলত আমাৰ মুখৰ পৰা স্বতঃস্ফূর্ত ভাৱে নির্গত হোৱা দুটা শব্দই হ’ল-“ভ বাই নাছিলো”।
এনেকুৱা কিছুমান কাৰণতে দূৰদৰ্শিতাৰ খুবেই প্রয়োজন। দূৰদৰ্শি সকলেহে ভাবিব পাৰে ভৱিষ্যতৰ সম্ভাৱনীয়তা। যি কোনো কৰ্ম কৰাৰ আগতে তাৰ ফলাফলৰ বাবে দূৰদৰ্শী সকল সদা প্রস্তুত। সেইবাবেই ‘অনুসূচনা’ই সদায় দূৰদৰ্শী সকলৰ পৰা এটা নিৰাপদ দূৰত্বত অৱস্থান কৰে।
গীতাত উল্লেখিত আৰু এটা বিখ্যাত তথা অতি ধনাত্মক বাণী-কর্ম কৰি যোৱা, ফল ফলদাতা বিভূৰ হাতত’ সৰোগত কৰি কৰ্মত আত্মনিয়োগ কৰা সকলে ফল প্রাপ্তিৰ পিছত তেওঁলোকৰ মুখৰ পৰা ওলোৱা উল্লেখযোগ্য শব্দ সমূহৰ ভিতৰত, ‘কৰ্ম কৰি গৈছিলো, ফলাফল ভবাই নাচিলো’।
‘ভবাই নাচিলো’ দুটা এনেকুৱা শব্দ, যি কেতিয়াবা আমাক প্ৰচুৰ আনন্দ দিয়ে আকৌ কেতিয়াবা আমাক বেয়াকৈ শলঠেকত পেলায়।
সেই বাবেই যি কোনো কৰ্ম কৰাৰ আগত, যি কোনো কথা কোৱাৰ আগত অন্ততঃ আজিৰ দিনত এশ বাৰ ভাবি কৰা, কোৱা ভাল। কোনে জানে, সেই কর্মই, সেই কথাই কাক কি বা ফল দিয়ে?