ভটীয়াপাৰৰ তৈলখাদ পৰিদৰ্শন মুখ্যমন্ত্রীৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই ভটীয়াপাৰ বাৰীচুকৰ বিস্ফোৰিত হৈ গেছ নিৰ্গত হোৱা তৈলখাদটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। অ’ এন জি চিৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ ভটীয়াপাৰ বাৰীচুকৰ আৰ ডি এছ ১৪৭(এ) এছ কে পেট্র’ ১৩৫ ভি আই ৱৰ্ক অভাৰ ৰীগত যোৱা ১২ জুনত বিস্ফোৰিত ঘটনাই সমগ্র জিলাখনক আতংকিত কৰি তুলিছিল। মার্কিন ৰাষ্ট্ৰৰ পৰা পাঁচজনীয়া কাৰিকৰী বিশেষজ্ঞ দলৰ প্ৰচেষ্টাত ১৬টা দিনৰ অন্তৰ গেছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। মুখ্যমন্ত্ৰীগৰাকীয়ে আতংকময় পৰিস্থিতিৰ মাজতে যোৱা ১৬ জুনত বনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ আশ্রয় শিবিৰত উপস্থিত হৈ গেছ নির্গত কাণ্ডৰ লগতে ক্ষতিগ্ৰস্ত ৰাইজৰ পৰিস্থিতিৰ বুজ লৈছিল। দ্বিতীয়বাৰৰ বাবে ভটীয়াপাৰ বাৰীচুকত উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে বিস্ফোৰিত তৈলখাদটো পৰিদৰ্শন কৰাৰ লগতে অ’ এন জি চিৰ বিষয়া-কৰ্মচাৰীৰ পৰা গেছ নিয়ন্ত্রণ পদ্ধতি সন্দৰ্ভত বুজ লয়। আনহাতে সাংবাদিকৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত মুখ্যমন্ত্ৰীগৰাকীয়ে গেছ নির্গত কাণ্ডক লৈ ভটীয়াপাৰবাসী ৰাইজ প্ৰথম অৱস্থাত যথেষ্ট চিন্তা-ভাবনাত আছিল। প্ৰথম অৱস্থাত ৰীগটোৰ গেছ নিয়ন্ত্রণ, ক্ষতিপূৰণ আৰু আশ্রয় শিবিৰত থকা পৰিয়ালসমূহ যাতে সোনকালে ঘৰলৈ উভতি যাব পাৰে সেইটো লক্ষ্য আছিল। ঘটনাটো সন্দর্ভত কেন্দ্রীয় পেট্রালিয়াম মন্ত্রী, অ’ এন জি চিৰ অধ্যক্ষই তেওঁ দিয়া আশ্বাসৰ মতে কম দিনতে গেছ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। লগতে তৈলখাদসমূহৰ নিৰাপত্তাৰ দিশটো অতি লক্ষণীয় বিষয় বুলি উল্লেখ কৰি তিনিচুকীয়া বাঘজানৰ পাছতে ভটীয়াপাৰ বাৰীচুকত সংঘটিত ঘটনাটোৰ নিৰাপত্তাৰ দিশসমূহ চালিজাৰি চোৱাৰ কথাও কয়। ঘটনাটো সন্দর্ভত দোষী ব্যক্তিৰ বিৰুদ্ধে প্রথম অৱস্থাত থানাত এক গোচৰ ৰুজু কৰাৰ পাছতে তদন্ত কৰা হ’ব বুলিও তেওঁ সদৰী কৰে। তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষতিগ্রস্ত পৰিয়ালসমূহৰ লগত মত বিনিময় কৰে। মুখ্যমন্ত্ৰীগৰাকীক ভটীয়াপাৰ তৈলক্ষেত্র সংগ্রাম সমিতি, ৪৩৪নং ৰূপহী কিনাৰ প্ৰাথমিক বিদ্যালয় আদিকে ধৰি বিভিন্ন দল-সংগঠনে ঘটনাৰ উচিত তদন্ত, ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ আদিৰ দাবীত স্মাৰক-পত্ৰ প্ৰদান কৰে।
মুখ্যমন্ত্ৰীগৰাকীৰ লগত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, বিধায়ক অখিল গগৈ, সুশান্ত বৰগোহাঁই, বিজেপিৰ শিৱসাগৰ জিলা সমিতিৰ সভাপতি বিতোপন ৰাইদঙীয়া, শিৱসাগৰ জিলা আযুক্ত আয়ুস গর্গ আদিয়ে সংগ দিয়াৰ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে গেছ নির্গত সময়তে হৃদযন্ত্র ক্রিয়া বন্ধ হৈ মৃত্যুমুখত পৰা নৰেন গগৈৰ পত্নী-পুত্র সাক্ষাৎ কৰে। তাৰ পাছত ভটীয়াপাৰৰ পৰা মুখ্যমন্ত্ৰীগৰাকী গৈ কোঁৱৰপুৰ হাৰমতী গড়ৰ দিখৌ নদীৰ ওপৰত ছিগনেচাৰ প্ৰকল্পৰ অধীনত দহ কোটি ব্যয়সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা দলংখন পৰিদৰ্শন কৰাৰ লগতে দুই কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’ব লগা দলংখনৰ গৌৰীসাগৰ চাৰিশৰীয়া পথৰ লগত সংলগ্ন হ’ব লগা পথটো পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীৰ এই আগমনক লৈ বিয়লি ৪ বজাৰ পৰা দলংখনৰ সমীপত কেই বাশতাধিক লোক সমৱেত হৈ থাকে। মুখ্যমন্ত্ৰীগৰাকীয়ে পোনে পোনে দলংখন পৰিদৰ্শন কৰি লোকনির্মাণ বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ লগত আলোচনা কৰি ক্ষিপ্ৰতাৰে কাম কৰিবলৈ নিৰ্দেশ দিয়ে। কোঁৱৰপুৰ-গৌৰীসাগৰ দলং নিৰ্মাণ দাবী সমিতিৰ সৌজন্যত অনুষ্ঠিত এক সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে দলংখনৰ দুয়োমূৰ অংশ আৰু সংযোগী পথকে ধৰি গোটেই প্রকল্পটো ৩-৪ মাহৰ ভিতৰত সম্পূৰ্ণ কৰি ৰাইজক উপহাৰ দিব বুলি আশ্বাস দিয়ে। তদুপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে হাৰমতী গড়ৰ পথ উন্নয়নৰ বাবে পদক্ষেপ লোৱাৰ কথাও জানিবলৈ দিয়ে। এই অনুষ্ঠানটোত মুখ্যমন্ত্ৰীগৰাকীক ভটীয়াপাৰত সংগ দিয়া দলটোৰ লগতে লোকনিৰ্মাণ বিভাগৰ কাৰ্য বাহী অভিযন্তা অনুপম হাজৰিকা উপস্থিত থাকে। মুখ্যমন্ত্ৰীৰ এই পৰিদৰ্শন কালত অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ লোকে সম্বর্ধনা জনোৱাৰ লগতে বিভিন্ন অভাৱ-অভিযোগ জনাই পত্র প্রদান কৰে।