ভগৱানৰ লাঠিৰ শব্দ নাথাকে, প্ৰতিশোধতকৈ ক্ষমা আৰু বিশ্বাসৰ শক্তি বেছি – শৈলেন কুমাৰ

Pc Leading with Trust

ভগৱানৰ লাঠিৰ শব্দ নাথাকে, প্ৰতিশোধতকৈ ক্ষমা আৰু বিশ্বাসৰ শক্তি বেছি

শৈলেন কুমাৰ, মিৰ্জা

মানৱ জীৱনত সুখ আৰু দুখ, জয় আৰু পৰাজয় এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি। সমাজত বসবাস কৰোঁতে আমি বহু সময়ত অন্যায় বা লোকৰ পৰা অহিতৰ সন্মুখীন হওঁ। কোনোবাই আমাক আঘাত দিলে বা আমাৰ অনিষ্ট কৰিলে আমাৰ মনত স্বাভাৱিকতেই প্ৰতিশোধৰ জুই জ্বলি উঠে। কিন্তু আমাৰ পূৰ্বপুৰুষসকলে এটা অতি অৰ্থবহ কথা কৈ গৈছে— “ভগৱানৰ লাঠিৰ শব্দ নাথাকে।”

যেতিয়া কোনো ব্যক্তিয়ে আমাৰ সৈতে অন্যায় কৰে, তেতিয়া প্ৰতিশোধ ল’বলৈ গৈ আমি নিজৰ মানসিক শান্তি ভংগ কৰোঁ। খঙে আমাৰ বিচাৰ বুদ্ধি লোপ কৰে আৰু আমি একেই অন্যায় কামত লিপ্ত হওঁ। কিন্তু মহৎ লোকসকলে কয় যে, অন্যায় কৰা জনক নিজৰ হাতেৰে শাস্তি দিয়াতকৈ সকলোখিনি সৃষ্টিকৰ্তা বা সময়ৰ ওপৰত এৰি দিয়াটোৱে বুদ্ধিমানৰ কাম। কাৰণ মানুহৰ বিচাৰত ভুল হ’ব পাৰে, কিন্তু প্ৰকৃতি তথা ভগৱানৰ বিচাৰত কোনো ভুল নহয়।

অনুশোচনাৰ জুই, হাতত উঠাই কাৰোবাক আঘাত কৰিলে শৰীৰত বিষ হয়, কিন্তু মনৰ পৰিৱৰ্তন নহয়। আনহাতে, যদি আমি আমাৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে ধৈৰ্য্য ধৰোঁ আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখোঁ, তেন্তে সেই অন্যায়কাৰী ব্যক্তিয়ে এদিন নিজৰ ভুল বুজি পাব। যিদিনা তেওঁৰ বিবেক দংশন হ’ব, সেই অনুশোচনাৰ জুই যিকোনো দৈহিক শাস্তিতকৈ বেছি শক্তিশালী হ’ব। এই অনুশোচনাই মানুহক ভিতৰৰ পৰা দগ্ধ কৰে আৰু শুদ্ধ হ’বলৈ বাধ্য কৰে।

ক্ষমা দুৰ্বলতা নহয়, ই হ’ল আটাইতকৈ ডাঙৰ শক্তি। ভগৱানক বিশ্বাস কৰা মানেই এয়া মানি লোৱা যে কোনো কৰ্মই অথলে নাযায়। প্ৰত্যেকটো কৰ্মৰ ফল আমাৰ ওচৰলৈ ঘূৰি আহে। ভাল কৰ্মৰ ফল ভাল আৰু বেয়া কৰ্মৰ পৰিণতি বেয়া ৷ যিয়ে কাৰোবাৰ অহিত চিন্তিছে, তেওঁ সময়ৰ সোঁতত নিজৰ কৰ্মৰ ফল ভোগ কৰিবই। ইয়াৰ বাবে আমি হাতত অস্ত্ৰ লোৱাৰ বা বেয়া ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাই ৷

অশান্ত পৃথিৱীখনত শান্তিৰে জীয়াই থাকিবলৈ হ’লে আমি আনৰ ওপৰত ভৰসা কৰাতকৈ সত্য আৰু ন্যায়ৰ ওপৰত বিশ্বাস ৰখা উচিত। কাৰোবাৰ অহিতৰ বিপৰীতে অহিত কৰিলে সমাজত কেৱল শত্ৰুতাহে বাঢ়িব। গতিকে, কোনোবাই অনিষ্ট কৰিলে তাক ঈশ্বৰৰ ওপৰত এৰি দি আমি নিজৰ কৰ্মত মনোনিবেশ কৰা উচিত। মনত ৰখা ভাল, ঈশ্বৰৰ বিচাৰ নীৰৱে আহে, কিন্তু সেই বিচাৰ হ’লে সাৰি যোৱাৰ কোনো উপায় নাথাকে ৷